September 1, 2024 12:27 PM
17
কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱ লাভ
কাছাৰ কাগজকলৰ চৌহদত ২,৪০০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ লাভ কৰিছে। অসম ঔদ্যোগিক উন্নয়ন নিগম চমুকৈ এ আই ডি চিয়ে ইতিমধ্যে বন্ধ হৈ যোৱা কাগজকলটোৰ ২,৯১৬ বিঘা মাটি অধিগ্রহণ কৰি নিজৰ দখললৈ নিছে। সদ্যহতে এ আই ডি চিয়ে এই বৃহৎ ভূমিত ঔদ্যোগিক পাম স্থাপন কৰি বিভিন্ন প্রতিষ্ঠানক উদ্যোগ স্থাপন বাবে আৱণ্টন দিয়াৰ কাম আৰম্ভ কৰিছে। উদ্যোগ মন্ত্রী বিমল বৰাই বিধানসভাত এই তথ্য প্ৰকাশ কৰিছে। তেওঁ জনোৱা মতে ঔদ্যোগিক পামৰ ১৩৬ বিঘা মাটিত বেইলফেড প্রডাক্টছ টার্মিনেল স্থাপ...