January 20, 2025 9:20 PM January 20, 2025 9:20 PM
10
২০১৭-১৮ চনত স্থাপিত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ আনিবলৈ চৰকাৰক শিক্ষক-কর্মচাৰী সংস্থাৰ আহ্বান
সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই ২০১৭-১৮ চনত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটীৰ শিলপুখুৰী দুর্গামন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক-কর্মচাৰী সংস্থাৰ সাধাৰণ সভাত আজি সংস্থাটোৱে প্ৰাদেশিকীকৰণৰ বিষয়টো কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে ৰাজ্য চৰকাৰে এখন উপ-সমিতি গঠন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায়। ইপিনে, প্রাদেশিকীকৰণৰ পৰা বঞ্চিত বহু সংখ্যাক শিক্ষক-কর্মচাৰীয়ে আজি চাকৰি নিয়মীয...