July 10, 2024 12:02 PM

views 47

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ আজি প্ৰথম পৰ্যায়ৰ অনুষ্ঠান

ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয়, বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুয়েও অংশগ্ৰহণ কৰিব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব। এই আঁচনিৰ অধীনত ৯৪ হাজাৰ ৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী উপক...

June 28, 2024 12:24 PM

views 40

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নতৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিদ্যায়তনিক পৰিবেশ উন্নত কৰাৰ বাবে ৫০০খন বিদ্যালয়ৰ আন্তঃগাঁথনি নতুনকৈ নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। এই পদক্ষেপৰ অংশ হিচাপে চাংসাৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চাংসাৰি বালিকা বিদ্যালয়ত নির্মাণ কার্য দ্রুত গতিত অব্যাহত আছে। মুখ্যমন্ত্ৰীয়ে কালি দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে যাৱতীয় পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে এই ৫০০খন বিদ্যালয় সর্বাংগসুন্দৰ ৰূপত গঢ়ি তোলাৰ বাবে ৪ হাজাৰ কোটিৰো অধিক টকা ব্যয় কৰিবলৈ ৰাজ্য চৰকাৰে লক্ষ...

June 28, 2024 12:15 PM

views 37

সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে নতুন শিক্ষকৰ পদ সৃষ্টিৰে অসম চৰকাৰৰ বিশেষ নিযুক্তিৰ ব্যৱস্থা

অসম চৰকাৰে সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলক সকাহ দিয়াৰ লক্ষ্যৰে ৩৫ হাজাৰ নতুন শিক্ষকৰ পদ সৃষ্টি কৰি বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছে। এই পদসমূহৰ বাবে কেৱল সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকসকলেহে আবেদন কৰিব পাৰিব। নলবাৰীত কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই সিদ্ধান্তৰ ফলত পূৰ্বৰ অনিয়মীয়া পদসমূহ বিলুপ্ত হোৱাৰ লগতে নতুন পদত নিযুক্তি লাভ কৰাসকলে চৰকাৰী নিৰিখ অনুসৰি দৰমহা আৰু বাৰ্ষিক দৰমহাৰ বৃদ্ধি লাভ কৰ...

June 13, 2024 6:34 PM

views 23

অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহলৈ নিৰ্দেশ জাৰি

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অহা ২২ জুনৰ পৰা ২৬ জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে। জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে। কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষা দিন ধাৰ্য কৰিছে তেন্তে সেয়া সালসলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে। অম্বুবাচী...

June 2, 2024 7:59 PM

views 34

৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি সম্পূৰ্ণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অহা ৭ জুনৰ ভিতৰত শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন আৰু এ আই নামভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে শেহতীয়াভাৱে জাৰি কৰা এই নিৰ্দেশনাত নিৰ্ধাৰিত সময়ৰ পাছত নতুন ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সুবিধা বন্ধ হৈ পৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে নতুন শিক্ষা বৰ্ষৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো শিক্ষা সেঁতু এপত ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন চলি থকাত কিমান সংখ্যক ছাত্র-ছাত্রীক বিনামূলীয়া ...