November 23, 2025 11:05 AM

views 44

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ বাবে উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত  দিছপুৰত তৃতীয়খন বৈঠক সম্পন্ন

অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়নৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰণ সন্দৰ্ভত কালি দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিবর্গ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ছয় নম্বৰ দফাকে ধৰি ৰূপায়ণ হ'বলৈ বাকী থকা কেইবাটাও দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়াৰ বাবে অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত তিনিগৰাক...