July 21, 2024 12:04 PM

views 20

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে ৩২ লাখতকৈ অধিক আবেদন

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ ১৪ হাজাৰ খালী পদৰ বিপৰীতে নিযুক্তি আয়োগে ৩২ লাখতকৈ অধিক আবেদন লাভ কৰিছে। নিযুক্তি পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ছেবাই প্ৰকাশ কৰা তথ্য অনুসৰি ১৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয়বৰ্গৰ পদৰ বিপৰীতে ১১ লাখ ২৩ হাজাৰতকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেদৰে ২৯ ছেপ্তেম্বৰৰ আগবেলা হ'বলগীয়া স্নাতক পৰ্যায়ৰ পদৰ বাবে পাঁচ লাখ ২৯ হাজাৰতকৈ অধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে। একেটা দিনতে আবেলি হ'বলগীয়া চালক পদৰ বাবে দুই লাখ চাৰি হাজাৰতকৈ অধিক প্রার্থীয়ে আবেদন কৰিছে। ২...