February 16, 2025 7:58 PM
10
৫৬৪ গৰাকী প্ৰাৰ্থীক ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান
ৰাজ্য চৰকাৰে আজি অসম লোকসেৱা আয়োগৰ অধীনৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫৬৪ গৰাকী প্ৰাৰ্থীক বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্রসমূহ প্ৰদান কৰে। নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিগৰাকী নিযুক্তিপ্রাপ্তক বিকশিত অসম গঢ়ি তোলাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াবলৈ আহ্বান জনায়। এইপর্যন্ত ১ লাখ ৩ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে নিকা আৰু স্বচ্ছভাৱে নিযুক্তি লাভ কৰিছ...