January 24, 2026 12:34 PM

views 24

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নৱ নির্মিত দলঙৰ ওপৰত টোলগেট স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নিবিদা আহ্বান কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰ্যালয়ে টোল সংগ্রহ কৰে যদিও লোকনির্মাণ বিভাগে কালি গুৱাহাটী-উত্তৰ গুৱাহাটী টোলগেটৰ বাবে নিবিদা আহ্বান কৰে। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে টোলগেটৰ দ্বাৰা প্ৰথম বাৰলৈ কৰ সংগ্ৰহৰ আঁচনি লৈছে। এই টোলগেট নিৰ্মাণৰ বাবে লোক নির্মাণ বিভাগে ৬ কোটি ১১ লাখ ৬০ হাজাৰ টকাৰ নিবিদা প্রকাশ কৰিছে। উল্লেখযোগ্য যে, কুমাৰ ভাস্কৰ বৰ্মা সেতু হিচাপে নামকৰ...

January 19, 2026 12:22 PM

views 14

আৰক্ষী কনিষ্টবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা ২৬ বছৰলৈ বৃদ্ধি ৰাজ্য চৰকাৰৰ

 ৰাজ্য চৰকাৰে আৰক্ষী কনিষ্টবল পদৰ আবেদনৰ বাবে প্ৰাৰ্থীৰ বয়সৰ উচ্চ সীমা বৰ্তমানৰ ২৫ বছৰৰ পৰা ২৬ বছৰলৈ বৃদ্ধি কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰাৰ লগতে আবেদনৰ সময়সীমাও ১৫ দিন বৃদ্ধি কৰা হৈছে বুলি প্রকাশ কৰিছে। একেদৰে এ ডি আৰ ইৰ জৰিয়তে চাকৰিত যোগদান কৰা সকলকে ধৰি ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পাৰস্পৰিক বদলি আবেদনৰ বাবে স্বাগত সতীর্থ প'র্টেলটো অহা মাহত পুনৰ মুকলি কৰা হ'ব বুলি তেওঁ সদৰি কৰিছে। এ ডি আৰ ইৰ বাবে আবেদন কৰা দিব্যাংগ প্রার...

January 17, 2026 7:18 PM

views 14

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ’বলগীয়া আলোচনা স্থগিত

 ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ'বলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সম্মান আৰু বুজাবুজিৰ মাজেৰে সকলো বিষয় সমাধান কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

January 9, 2026 12:12 PM

views 17

এ ডি আৰ ইত উত্তীর্ণ ৪,৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, এ ডি আৰ ইত উত্তীর্ণ ৪ হাজাৰ ৩৭৪ গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ ৬ হাজাৰ ৩৪৭ গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে ১২ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এট...

January 3, 2026 6:39 PM

views 15

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বুজা নোহোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি কামৰূপ জিলাৰ ১০খন, লখিমপুৰৰ ১০খন, শিৱসাগৰৰ ১০খন, বৰপেটাৰ ৬খন, মাজুলিৰ ৭খন, কাছাৰৰ ৫খন, হাইলাকান্দিৰ ৫খন, শ্রীভূমিৰ ৪খন, ডিব্ৰুগড়, গোৱালপাৰা, গোলঘাট, হোজাই...

December 29, 2025 7:54 PM

views 19

‘স্বাস্থ্যৱান শ্রমিক যোজনা’ শীর্ষক এখন অভিলাষী আঁচনি গ্রহণ ৰাজ্য চৰকাৰৰ

চাহ বাগিচা অঞ্চলত বসবাস কৰা জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগতে সুলভ আৰু মানসম্পন্ন স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে 'স্বাস্থ্যৱান শ্রমিক যোজনা' শীর্ষক এখন অভিলাষী আঁচনি গ্রহণ কৰিছে। শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ফুলবাৰী চাহ বাগিচাৰ আদৰ্শ বিদ্যালয় প্রাঙ্গণত এটা গাম্ভীর্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে আজি এই আঁচনিখনৰ জিলা পৰ্যায়ত শুভাৰম্ভ কৰা হয়। ফুলবাৰীৰ জিলা পৰিষদৰ সদস্য বিকি তাঁতীয়ে আনুষ্ঠানিকভাৱে এই আঁচনিখন উদ্বোধন কৰি চাহ শ্রমিক সমাজৰ কল্যানৰ বাবে ইয়াক এক শক্তিশালী ব্যৱস্থা বুলি অ...

December 18, 2025 4:10 PM

views 22

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব।

December 17, 2025 12:20 PM

views 21

১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ

ৰাজ্য চৰকাৰে ১৫ জানুৱাৰীৰ ভিতৰত এ ডি আৰ ই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পূৰ্ণ কৰিব। স্বাস্থ্য বিভাগৰ নিযুক্তি ২২ ডিচেম্বৰত আৰু চাহ বাগিচাৰ পৰা বিভাগটোৰ বিভিন্ন পদৰ বাবে বাছনি লাভ কৰা যুৱক-যুৱতীসকলক ২৩ ডিচেম্বৰত নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াৰ লগতে অভিযান্ত্রিক কৃষিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি পত্র ১০ ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে শীঘ্ৰেই ৭৫ হাজাৰ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আত্মসংস্থাপনৰ সুবিধা আগবঢ়াব বুলিও মুখ্...

December 10, 2025 11:14 AM

views 26

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভ...

December 6, 2025 11:46 AM

views 22

ৰাজ্যৰ ২৮ গৰাকী সাহিত্যিকলৈ ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন ঘোষণা

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কালি এই কথা ঘোষণা কৰে। তেওঁ লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু পেঞ্চনাৰসকলক শুভেচ্ছা জনায়। ২০২৫-২৬ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অর্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুৱৰ্ণা শইকীয়াকে ধৰি আ...