October 19, 2025 6:54 PM

views 54

কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শুভেচ্ছা জ্ঞাপন

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী পালনৰ বাবে সাজু হৈছে। অৱশ্যে এইবাৰ ৰাইজৰ মাজত উৎসৱৰ পূৰ্বৰ আনন্দমুখৰ পৰিবেশে বিৰাজ কৰা নাই। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে সাজু হৈছে। অৱশ্যে মৃৎ শিল্পীসকলে প্ৰস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰী বজাৰসমূহত উপলব্ধ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালী পূজা আৰু পোহৰৰ উৎসৱ...