October 21, 2025 6:40 PM October 21, 2025 6:40 PM
14
আৰক্ষী স্মৃতি দিৱসত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন
ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে কাহিলিপাৰাৰ দশম অসম আৰক্ষী ছাউনীত আজি আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে দেশৰ বাবে প্ৰাণ আহুতি দিয়া আৰক্ষীলৈ শ্রদ্ধাঞ্জলি জনোৱা হয়। ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই ছহিদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমীত সিঙকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও শ্রদ্ধাঞ্জলি জনায়। দিৱস উপলক্ষে আকর্ষণীয় পেৰেড অনুষ্ঠিত হয়। আৰক্ষী স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই অসম আৰক্ষীলৈ অভিবাদন জ্ঞাপন কৰে। দেশক ৰক্ষা কৰাৰ বাবে আৰক্ষীৰ ত্যাগক শ্...