April 4, 2025 5:23 PM

views 20

ৰাজ্যৰ চিকিৎ‍সালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতাল তথা স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ অসম চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনৰ চিকিৎ‍সালয় আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকললৈ উন্নতমানৰ স্বাস্থ্য সেৱা, বিশেষকৈ বিনামূলীয়া ঔষধৰ সুবিধা আগবঢ়োৱাৰ বাবে স্বাস্থ্য বিভাগলৈ ১৯০ কোটি টকা মঞ্জুৰ কৰে। জনতাভৱনত আজি অনুষ্ঠিত মন্ত্ৰীসভাৰ এখন বৈঠকৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ লগতে জনোৱা মতে মন্ত্ৰীসভাৰ আজিৰ বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ ম...

February 23, 2025 6:47 PM

views 21

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

দিশপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এডভান্টেজ আচাম দ্বিতীয় সংস্কৰণৰ সময়ত বুজাবুজিৰ চুক্তি অনুমোদন, ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ সৱলীকৰণ, চিকিৎসা বৃত্তিধাৰীৰ বাবে দি এ চি পি আঁচনি আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এডভান্টেজ আছাম দ্বিতীয সংস্কৰণৰ বাবে ৰাজ্যত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ বৈঠকত অনুমোদন জনোৱা হয়...

December 13, 2024 7:36 PM

views 10

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ

শ্রীভূমি জিলাৰ নীলমণি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চৰকাৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চাইকেল আৰু স্কুটি বিতৰণ কৰে। এই অনুষ্ঠানত পশুপালন, পশু চিকিৎসা, মীন আৰু কৃষি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে এই বঁটাৰ জৰিয়তে সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোলাটো চৰকাৰৰ লক্ষ্য। অনুষ্ঠানত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, বিজয় মালাকৰ, বিজেপিৰ জিলা সভাপতি তথা জিলা উন্নয়ন বিষয়াকে ধৰি অন্যান্য বহু লোক উপস্থিত থাকে।

December 8, 2024 12:04 PM

views 28

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ ৯৩ সংখ্যক জন্ম দিৱস আৰু ২০২৪ বৰ্ষৰ সাহিত্যিক পেন্সন আৰু বঁটা প্ৰদান উপলক্ষে কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত তিনিগৰাকী সাহিত্যিকক সাহিত্যিক পেন্সন আৰু ২৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান কৰে। অনুষ্ঠানত ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে প্ৰতিটো মাতৃভাষা আৰু বৈচিত্ৰ্যতাক সন্মান কৰে। তেওঁ লগতে কয়, যে জনজাতীয় ভাষা সমূহে ৰাজ্যৰ প্ৰাচীনতম সংস্কৃতিক প্ৰতিনিধিত্ব কৰে আৰু এটা ভাষাৰ লুপ্তপ্র...

November 12, 2024 8:42 AM

views 32

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ আৰু কৰ্মযোগী ভাৰতৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰ আৰু কেন্দ্ৰীয় সামর্থ্যবর্ধন আয়োগ অর্থাৎ চি বি চি আৰু কৰ্মযোগী ভাৰত অৰ্থাৎ এছ পি ভিৰ মাজত কালি এখন ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। ৰাজ্যখনৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ সামৰ্থবৰ্ধনৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে। এই ত্রিপাক্ষিক চুক্তিৰ অধীনত অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলক নীতি-নিৰ্দেশনামূলক ভূমিকাৰ পৰিৱৰ্তে কৰ্ম নিৰ্ধাৰকৰ ভূমিকা লোৱা আৰু তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰ্ম দক্ষতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হ'ব। অসম চৰকাৰৰ হৈ মুখ্য সচিব ড০ ৰবি কোটা আৰু কৰ্মযোগী ভাৰতৰ মুখ্য কাৰ্যব...

October 2, 2024 4:12 PM

views 31

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ

ৰাজ্যত প্ৰথম পৰ্যায়ত অহা ৪ আৰু ৫ অক্টোবৰত ৩৯ খন সমজিলাৰ কাৰ্যালয় মুকলি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। চৰকাৰৰ সিদ্ধান্ত অনুসৰি মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ এই দুদিনত সম জিলাৰ কাৰ্যালয়সমূহ মুকলি কৰিব আৰু সেইদিনাৰ পৰাই কাৰ্যালয়সমূহৰ কাম-কাজ আৰম্ভ হ'ব। প্ৰতিখন সমজিলাত একোজন এ ডি চি পৰ্যায়ৰ বিষয়া থাকিব আৰু তেওঁ সমজিলাৰ আয়ুক্ত বুলি জনা যাব। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশৰে উত্তীৰ্...

September 30, 2024 1:07 PM

views 34

প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্যৰ প্ৰশাসনক তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বাবে জিলা সদৰসমূহক বাদ দি প্ৰতিটো সমষ্টিতে চৰকাৰে একোখনকৈ সমজিলা গঠন কৰাৰ সিদ্ধান্ত লৈছে। অসমৰ ৩৯ টা বিধানসভা সমষ্টিত অহা ৪ আৰু ৫ অক্টোবৰত এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰা হ'ব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বাকী সমষ্টিসমূহতো দ্বিতীয় পৰ্যায়ত সমজিলা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছে। এই সন্দৰ্ভত তেওঁ কয় যে, সমজিলাসমূহৰ জৰিয়তে বহু প্রসাশনীয় কামকাজ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈ সমাধান কৰা সম্ভৱ হ'ব। উল...