April 15, 2025 7:16 PM

views 48

সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰৰ অধিসূচনা জাৰি

অসম চৰকাৰে আজি পহিলা ব'হাগৰ দিনাই সমগ্ৰ ৰাজ্যতে অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অধিসূচনা জাৰি কৰিছে। চৰকাৰী ভাষা আইন-১৯৬০ৰ ৭ আৰু ৩ নম্বৰ ধাৰা অনুসৰি বৰাক উপত্যকা, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাৰ্বত্য জিলা আৰু বড়োলেণ্ড আঞ্চলিক পৰিষদৰ অধীনৰ অঞ্চলৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোবোৰ জিলাতে আজিৰে পৰা সকলো চৰকাৰী কাম-কাজত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। বৰাক উপত্যকাৰ ৩ খন জিলাত সকলো চৰকাৰী কামৰ বাবে ইংৰাজীৰ উপৰিও বাংলা ভাষা ব্যৱহাৰ কৰা হ'ব। বড়োলেণ্ড পৰিষদীয় এলেকাত যিকোনো চৰকাৰী কামত ইংৰাজীৰ লগত...

November 3, 2024 12:54 PM

views 21

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ

ৰাজ্যৰ ৫ টা সমষ্টিৰ উপ নির্বাচনৰ বিভিন্ন কাম-কাজত নিয়োজিত কৰ্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত পৰৱৰ্তী সময়ত বিশেষ ছুটি লাভ কৰিব বুলি ৰাজ্য চৰকাৰে এখন নির্দেশনাযোগে প্রকাশ কৰিছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মনিভন্নমে কালি কাছাৰ, বঙাইগাওঁ, বিশ্বনাথ, চিৰাং আৰু নগাওঁ জিলাৰ আয়ুক্তলৈ এখন নিৰ্দেশনা প্ৰেৰণ কৰিছে। সেই অনুসৰি নিৰ্বাচনী কাম-কাজত নিয়োজিত ব্যক্তিসকলে নির্বাচন সম্পন্ন হোৱাৰ পিছতে এই বিশেষ ছুটিৰ সুবিধা লব পাৰিব। উল্লেখযোগ্য যে এই যোজনাৰ অধীনত ৰাজ...