November 6, 2025 10:56 AM

views 69

মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত

■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন...

October 14, 2025 11:19 AM

views 22

ৰাজ্য চৰকাৰৰ শুশ্রূষা সেঁতু শীর্ষক স্বাস্থ্য শিবিৰত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা সম্পন্ন

● ৰাজ্য চৰকাৰে ৰাজ্যজুৰি আৰম্ভ কৰা শুশ্রূষা সেঁতু শীর্ষক বিধানসভা সমষ্টিভিত্তিক স্বাস্থ্য শিবিৰত এই পর্যন্ত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান কৰা হৈছে। যোৱা ১০ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ ৩৯টা সমষ্টিভিত্তিক স্বাস্থ্য মেলাত ১০ হাজাৰৰো অধিক ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীক প্ৰাথমিক পৰ্যায়ৰ চিকিৎসা প্রদান কৰা হৈছে। এই স্বাস্থ্য শিবিৰ সমূহত ৫০ টাতকৈ অধিক ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হৈছে। ৰাজ্য চৰকাৰৰ এই স্বাস্থ্য মেলাৰ অংশ হিচাপে বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়াত আজি বিশেষ ক...

October 10, 2025 12:58 PM

views 41

২০২৫-২৬ বৰ্ষৰ বাবে শিল্পী পেন্সন আৰু বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি

● অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ২০২৫-২৬ বৰ্ষৰ বাবে আহ্বান জনোৱা অসম শিল্পী পেন্সন আৰু বিশেষ পৰিয়াল পেন্সন তথা বার্ষিক শিল্পী সন্মানৰ আৱেদনৰ দিন বৃদ্ধি কৰিছে। পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত পেন্সনৰ বাবে আৱেদন দাখিল কৰিবলৈ কোৱা হৈছিল যদিও সম্প্রতি অনলাইন আৱেদন পত্ৰ দাখিলৰ অন্তিম দিন ২০ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে। আগ্রহীসকলে ২০ অক্টোবৰৰ নিশা ১২ বজাৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰিব।

September 11, 2025 12:46 PM

views 24

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা প্ৰকাশ

● অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা কালি নিশা প্ৰকাশ কৰে। সঞ্চালকালয়ে dee.assam.gov.in ৱেবছাইটৰ জৰিয়তে এই তালিকা প্রকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি যাৱতীয় প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত বাছনি লাভ কৰা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মৰ্মে ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে এই প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত পূর্বে উচ্চ ন্যায়ালয়...

August 25, 2025 10:19 AM

views 28

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থা...

August 3, 2025 11:09 AM

views 37

চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা

● ৰাজ্য চৰকাৰে চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্রমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্যসচিব জে বি এক্কাই কালি প্ৰতিখন জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুর্গা পূজাৰ প্ৰতি লক্ষা ৰাখি ১০ ছেপ্তেম্বৰৰ পূৰ্বে চাহ শ্রমিকক বোনাচ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাচ আদায় দিয়া হ'ব এই সন্দৰ্ভত ৩১ আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ ৮ মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাচ আদায়...

July 19, 2025 12:06 PM

views 14

ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে

● ৰাজ্য চৰকাৰে ৰবীন্দ্ৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে সুসংগঠিত পৰিকল্পনা গ্রহণ কৰিছে। ইয়াৰ বাবে কাৰিকৰী বিশেষজ্ঞৰ উপৰি সাংস্কৃতিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক মন্ত্রী বিমল বৰাই কালি সাংবাদিকৰ আগত এইকথা উল্লেখ কৰি কয়, যে প্ৰথম অৱস্থাত ৰবীন্দ ভৱনটো মেৰামতিৰ বাবে সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ভৱনটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি সম্পূর্ণ ভৱনটোৱে নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয়। লোকনির্মাণ বিভাগে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক কাম- কাজ আৰম্ভ কৰিছে ...

June 19, 2025 11:12 AM

views 22

ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

● ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি কেইবাটাও বিভাগত ৪৮১ গৰাকী ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। পশু পালন আৰু পশু চিকিৎসা বিভাগত ৪৪৩ গৰাকী পশু চিকিৎসা ক্ষেত্র সহায়ক, পর্যটন বিভাগত ১২ গৰাকী পর্যটন উন্নয়ন বিষয়া আৰু শিক্ষা বিভাগত ২৩ গৰাকী জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা তথা ৩ গৰাকী ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহকাৰী সঞ্চালকক নিযুক্তি পত্র প্রদান কৰা হ'ব। এই উপলক্ষে আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়...

June 10, 2025 6:57 PM

views 30

অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান

অসম চৰকাৰৰ পৰা ২০২৪-২৫ বৰ্ষৰ শিল্পী পেন্সন আৰু বাৰ্ষিক শিল্পী সন্মান প্রাপকসকলক আজি দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। জিলাখনৰ ৭ গৰাকী নিয়মীয়া শিল্পী পেন্সনপ্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী পেন্সন সন্মান লাভ কৰা ব্যক্তিক আজি আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিল্পীসকলক অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানৰ পাছত জিলা আয়ুক্তগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জিলাখনত বৰ্তমান ৰূপায়ণ হৈ থকা ...

April 9, 2025 10:42 AM

views 24

অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছেঃ মুখ্যমন্ত্রী

● অসম দেশৰ দ্রুত বিকশিত ৰাজ্যৰ তালিকাৰ তৃতীয় স্থানত উপনীত হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ২০২৪-২৫ বৰ্ষত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ স্থিৰ মূল্যত ৭.৯ শতাংশ হৈছে বুলি সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই পৰিসংখ্যাই অসমৰ উন্নয়নক নতুন গতি দিবলৈ সমৰ্থ হ’ব। ৰাজ্যখনৰ বিনিয়োগকাৰী সমৰ্থ নীতি, আন্তঃগাঁথনি উন্নয়ন, প্রতিষ্ঠান আৰু ব্যক্তিৰ ক্ষেত্ৰত স্থায়ী বিনিয়োগে এই বৃদ্ধিৰ কাৰক বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে মূলধনী ব্যয়ৰ ক্ষেত্...