April 16, 2025 7:29 PM

views 15

ৰাজ্যজুৰি ধৰ্মীয় ৰীতি-নীতিৰে গোসাঁই বিহু উদযাপন

ৰাজ্যবাসীয়ে আজি পৰম্পৰাগতভাৱে গোসাঁই বিহু পালন কৰে। বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত আজি জনসাধাৰণৰ ভিৰ পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ-নামঘৰত আজি নাম-প্ৰসংগ, মন্দিৰসমূহত পূজা-অৰ্চনাকে ধৰি ভালেমান কার্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে আজি মুকলি বিহু উদযাপন কৰা হয়। পুৱা বিহুৱান উত্তোলনকে ধৰি স্মৃতি তৰ্পণ, জ্যেষ্ঠজনক সেৱা, জলপান গ্রহণ, কণীযুঁজ আদি বিভিন্ন কাৰ্যসূচীৰে তলাতল ঘৰৰ বাকৰি জীপাল হৈ পৰে। অনুষ্ঠানত নিমাইজান হুঁচৰি দলকে ধৰি পাঁচযো...