October 26, 2024 1:28 PM October 26, 2024 1:28 PM

views 6

গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ ব্যৱস্থা গ্ৰহণ

গুৱাহাটী মহানগৰীত ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলাৰ ৮টা স্থানত ডেংগু পৰীক্ষা কেন্দ্ৰ তথা ফ'গিঙৰ সুবিধাৰ বাবে কেইবাটাও যোগাযোগ নম্বৰ মুকলি কৰা হৈছে। মহানগৰীৰ ভাস্কৰনগৰ, ৰংমিলি পথ, মিলিজুলি পথ, গীতানগৰ, কলনি বজাৰ, কৃষ্ণ নগৰ, গণেশপাৰা আদি অঞ্চলসমূহত ফ’গিঙৰ বাবে ৰাইজে ৭০৮৬৬-৪১৪৬৩ বা ৮৬৩৮৮-৮৩৯৬৯ নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে ধীৰেনপাৰা, হাতীগড় চাৰিআলি, মঠঘৰীয়া, পূব গুৱাহাটী, কৃষ্ণনগৰ, ওদালবাক্রা, ফটাশিল আমবা...