June 1, 2024 2:13 PM June 1, 2024 2:13 PM
19
ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লগতে কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰত
◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলাত বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখাল আদিকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমা ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা বাজহ চক্ৰ অধীনস্থ ৫৬০খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে।...