June 17, 2024 12:41 PM

views 27

ৰাজ্যৰ সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত

কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰিছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এই পর্যন্ত সাতখন জিলাৰ ৯৩ খন গাঁও বানৰ কবলত পৰিছে। বানৰ কবলত পৰা জিলা কেইখন হৈছে— বাক্সা, বৰপেটা, বঙাইগাঁও, ধেমাজি, গোৱালপাৰা, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰা। জিলাকেইখনত এই পর্যন্ত ৫ হাজাৰ ৯৮৫ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ কবলত পৰা লোকসকলৰ আশ্ৰয় আৰু সাহায্যৰ বাবে এই পর্যন্ত তিনিটা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। কৰিমগঞ্জত স্থাপন হোৱা আশ্রয়শিবিৰত জিলাখনৰ ৯৩০ ...

June 16, 2024 1:21 PM

views 20

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতি জটিল

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত থকা বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হোৱা মুষলধাৰ বৰষুণৰ ফলত কামিয়া, ৰাইনদী আৰু কানিনদীৰ জলপৃষ্ঠ ওফন্দি পৰাত নিলখ আৰু মৰিধল পঞ্চায়ত অন্তর্গত প্রায় ৩০ খন গাঁও বানৰ কবলত পৰিছে। ইপিনে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অন্তৰ্গত গুৱাহাটী-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ লুমছুলমত পাহাৰৰ শিল আৰু বৃহৎ ভূমিখণ্ড খহি পৰাত ৰাষ্ট্ৰীয় ঘাইপথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। ৰাজ্যিক দুৰ্যোগ প্রশমন প্ৰাধিকৰণৰ তথ্য অনুসৰি চলিত ব...

June 6, 2024 8:37 PM

views 18

শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস

যোৱা ২৪ ঘণ্টাত বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ২ লাখ ৪৬ হাজাৰলৈ হ্ৰাস পাইছে। ইপিনে, কাছাৰত এজন লোকৰ মৃত্যু হোৱাৰ পাছত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৫লৈ বৃদ্ধি পাইছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাছাৰ, কৰিমগঞ্জ, মৰিগাঁও, হোজাই, নগাঁও, ডিমা হাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কিছু কিছু এলেকা এতিয়াও বানৰ কৱলত আছে। ৩৭৫খন গাঁৱৰ ২২ হাজাৰতকৈও অধিক লোক সম্প্রতি ১১২টা সাহায্য শিবিৰত আশ্ৰয় লো...

June 5, 2024 12:33 PM

views 35

নেৰানেপেৰা বৰষুণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কাছাৰ, নগাঁও, কৰিমগঞ্জ, ধেমাজি, মৰিগাঁও, হোজাই, ডিব্ৰুগড়, ডিমাহাচাও, হাইলাকান্দি আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এই ১০ খন জিলাৰ ২৩ টা ৰাজহ চক্ৰৰ অন্তর্গত ৪৫৯ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত কাছাৰ জিলাৰ প্ৰায় ১ লাখ ২০ হাজাৰ জন, ধেমাজিত ২৪২ জন, ডিমাহাচাওত ৪০০ জন, হাইলাকান্দিত ৪ হাজাৰ ১০৪ জন, হোজাইত ৪ হাজাৰ ৪৫১ জন, পশ্চিম কাৰ্বি আংলঙত ৪ হাজাৰ ৮৬১ জন, কৰিমগঞ্জত ১৯ হাজাৰ ৫২৪...

June 4, 2024 4:25 PM

views 70

ৰাজ্যত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

অসমৰ ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত ৰাজ্যখনত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ৪ গৰাকী লোক সন্ধানহীন হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰ...

June 4, 2024 10:55 AM

views 22

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ১০ খন জিলাৰ ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত বানত ৪ জন লোকে প্ৰাণ হেৰুওৱাৰ ফলত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৮ লৈ বৃদ্ধি হৈছে। ৰাজ্যখনৰ ৫৭৭ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কেইবাখনো জিলাৰ পথ, মথাউৰি আৰু আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্য চৰকাৰে বানৰ কবলত পৰা জিলাসমূহত ইতিমধ্যে ১৯১টা সাহায্য শিবিৰ আৰু ১০৮টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰিছে। ইপিনে...

June 3, 2024 11:08 AM

views 25

নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত বানত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৩ খন জিলাৰ ৫৬৪ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৮ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ২ জন আৰু নগাঁৱত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, কাছাৰ জিলাত এজন যুৱক আৰু এটি শিশু সন্ধান...

June 2, 2024 7:52 PM

views 23

বৰাক উপত্যকাকে ধৰি নগাঁও, ডিব্ৰুগড়, গোলাঘাট জিলাত বান পৰিস্থিতি জটিল; জলসম্পদ বিভাগৰ বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাচৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰে। বানপানীত কালাপানী-টোপপাৰা সংযোগী দলংখন উটি যোৱাৰ ফলত অঞ্চলটোৰ ৭-৮খন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কব...

June 2, 2024 7:47 PM

views 25

বৰাক উপত্যকাকে ধৰি নগাঁও, ডিব্ৰুগড়, গোলাঘাট জিলাত বান পৰিস্থিতি জটিল; জলসম্পদ বিভাগৰ বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাচৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰে। বানপানীত কালাপানী-টোপপাৰা সংযোগী দলংখন উটি যোৱাৰ ফলত অঞ্চলটোৰ ৭-৮খন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কব...

June 2, 2024 1:00 PM

views 27

অসমৰ ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত

ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত অৱস্থাত আছে। এতিয়াও বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত বানৰ ফলত ৩ জন লোকে প্রাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পাইছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্...