July 3, 2024 7:34 PM
23
ৰাজ্যত এইবাৰৰ বানত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু
অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা ১৩০টা সাহায্য শিবিৰত ১৮ হাজাৰ ৪৫৯ জন লোকে আশ্রয় গ্রহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত ৩৯ জন লোকৰ ম...