July 3, 2024 7:34 PM July 3, 2024 7:34 PM

views 14

ৰাজ্যত এইবাৰৰ বানত এতিয়ালৈকে ৩৯ জন লোকৰ মৃত্যু

অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুর্যোগ প্রশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ ২৮ খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ দুহেজাৰ ২০৮ খন গাঁৱৰ ১১ লাখ ৩৪ হাজাৰৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ ৪২ হাজাৰ ৪৭৬ হেক্টৰ কৃষি ভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা ১৩০টা সাহায্য শিবিৰত ১৮ হাজাৰ ৪৫৯ জন লোকে আশ্রয় গ্রহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত ৩৯ জন লোকৰ ম...

July 2, 2024 7:52 PM July 2, 2024 7:52 PM

views 7

কাইলৈ আৰম্ভ হ’বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কাইলৈ আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে, বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা-সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দ...

July 2, 2024 6:35 PM July 2, 2024 6:35 PM

views 38

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয়, বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। প্রলয়ংকৰী বানত ৰাজ্যৰ ২০খন জিলাৰ ৬ লাখ ৪০ হাজাৰতকৈও অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত বানত পৰি ধেমাজি আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পালে। আনহাতে, গোলাঘাট জিলাৰ এজন লোক সন্ধানহীন হৈ আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান পৰিস্থিতিৰ বুজ ল'বলৈ আজি গোলাঘাটত উপস্থিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বোকাখাতৰ বান পীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোক সকলৰ বাবে স...

July 2, 2024 1:03 PM July 2, 2024 1:03 PM

views 16

প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন

ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ এহেজাৰ ২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ও...

July 1, 2024 12:46 PM July 1, 2024 12:46 PM

views 14

ৰাজ্যৰ শেহতীয়া বানত ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ বান পৰিস্থিতি পুনৰ জটিল হৈ পৰিছে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২খন জিলাৰ ২লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বানত কালি দুজন লোকৰ মৃত্যু হয়। ইয়াকে লৈ এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৪লৈ বৃদ্ধি পাইছে। আনহাতে, ব্ৰহ্মপুত্ৰকে ধৰি পাঁচখন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ১০খন নৈৰ পানীয়ে সতর্কতাৰ সীমা অতিক্ৰম কৰিছে। ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৬ টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। কঁহৰা বনাঞ্চলৰ তিনিটা, অগ...

June 30, 2024 7:05 PM June 30, 2024 7:05 PM

views 14

ৰাজ্যৰ ৭ খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত, প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ৭খন জিলাৰ ৪১১খন গাওঁ বানৰ কবলত পৰিছে। তথ্য অনুসৰি বানত প্ৰায় ১লাখ ৩৪ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। ব্ৰহ্মপুত্ৰৰ জলন্তৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেইবাটাও অঞ্চল বানত বুৰ গৈছে। কঁহৰা বনাঞ্চলৰ আমিৰা আৰু অগৰাতলী বনাঞ্চলৰ মাকলুং বন শিবিৰ প্লাবিত হৈছে। ইপিনে, দেৰগাঁৱৰ চৰাই চাপৰি, নামাৰি, আবানি, শগুণ পাৰাকে ধৰি কেইবাখনো গাঁৱত বানে জটিল ৰূপ ধাৰণ কৰিছে। বানত কেইবাটাও মূল পথ বুৰ যোৱাত বন্যার্তই যাতায়তৰ ক্ষ...

June 30, 2024 11:37 AM June 30, 2024 11:37 AM

views 21

অসমত ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক  বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি প্রায় সুস্থিৰ হৈছে যদিও ৫খন জিলাৰ ৩৮৩ খন গাঁৱৰ ৪১ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। ১২৯টা আশ্রয় শিবিৰত ১৪ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক ১০৩টা আশ্রয় শিবিৰত ১৩ হাজাৰৰো অধিক লোক আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰি কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাত বিভিন্ন অঞ্চল প্লাবিত হৈ আছে। এই বানত প্রায় ৮৫ হাজাৰ পশুধনৰ ক্ষতি হৈছে। তিনিচুকীয়া জিলাত বিগত কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণৰ ফলত নৈ-উপ নৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। ডিব্ৰু নৈব ...

June 28, 2024 8:02 PM June 28, 2024 8:02 PM

views 24

কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও বানত বুৰ গৈছে

কৰিমগঞ্জ জিলাৰ বহু লোক বানপানীৰ বাবে গৃহবন্দী হৈ পৰিছে। কৰিমগঞ্জৰ পাঁচটা ৰাজহ চক্ৰৰ মুঠ ৩২০খন গাঁও পানীত বুৰ গৈছে। বর্তমান জিলাখনত ১১২টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে আৰু তাত ১৫ হাজাৰতকৈও অধিক লোকক আশ্ৰয় দিয়া হৈছে। নিলাম বাজাৰ ৰাজহ চক্ৰৰ ১০৬খন গাঁও আটাইতকৈ বেছি প্লাৱিত হোৱাৰ বিপৰীতে ৰামকৃষ্ণ নগৰ ৰাজহ চক্ৰত ৭১খন গাঁও, কৰিমগঞ্জ সদৰ চক্ৰৰ অন্তৰ্গত ৮৭খন গাঁও, বদৰপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৫খন আৰু পাথাৰকান্দি ৰাজহ চক্ৰৰ অন্তৰ্গত ৩১খন গাঁও পানীত বুৰ গৈছে। তাৎপর্যপূর্ণভাৱে এইবাৰৰ ভয়াবহ বানৰ ফলত জিলাখনৰ...

June 28, 2024 12:35 PM June 28, 2024 12:35 PM

views 15

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ যদিও সম্প্ৰতি বিভিন্ন অঞ্চল বানৰ কবলত আছে

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও এতিয়াও ৭ খন জিলাৰ ৪১৯খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এইবাৰৰ বানত ১ লাখৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা ১২৩ টা আশ্রয় শিবিৰত প্ৰায় ১৬ হাজাৰ লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। কামৰূপ, কৰিমগঞ্জ, কাছাৰ, দৰং, বৰপেটা, লখিমপুৰ আৰু ধেমাজি জিল...

June 27, 2024 7:46 PM June 27, 2024 7:46 PM

views 20

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও ১১খন জিলাৰ ৪৮৭খন গাঁৱৰ বিভিন্ন অঞ্চল এতিয়াও বানৰ কবলত আছে। এই বানত ১ লাখ ৩০ হাজাৰতকৈও অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্রশাসনে স্থাপন কৰা ১০৯ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে, বৰাক উপত্যকাত কুশিয়াৰা নৈৰ পানী বিপদ সীমাৰ ওপৰত আছে। বানৰ বাবে এতিয়াও কৰিমগঞ্জ জিলাৰ বহুলোক গৃহবন্দী হৈ থাকিবলগীয়া হৈছে। জিলাখনৰ তিনি শতাধিক বিদ্যালয়ৰ পাঠদান বানৰ বাবে ব্যাহত হৈ আছে। লখিমপুৰত শিঙৰা নৈৰ ঢলে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। ইপিনে, তিনি...