April 27, 2025 12:07 PM

views 31

বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ

ৰাজ্য চৰকাৰে বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে ৩,৬৩৪ কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰা মতে অসমৰ প্ৰায় ৩১,৫০০ বর্গ কিলোমিটাৰ এলেকা বান প্রবন। আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বান প্রবন এলেকাৰ পৰিমাণ মুঠ ভূ-ভাগৰ প্ৰায় ৩৯.৫৮ শতাংশ আৰু দেশৰ মুঠ বানপ্রবন এলেকাৰ ৯.৪ শতাংশ। আয়োগৰ প্ৰতিবেদনত লগতে ১৯৫০ চনৰ পৰা ৰাজ্যৰ প্ৰায় ৪ লাখ ২৭ হাজাৰ হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে। ৰাজ্য চৰকাৰে মথাউৰি আৰু বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কৰি নগৰাঞ্চলৰ সুৰক্ষাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰ...

April 21, 2025 11:14 AM

views 42

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ...

October 2, 2024 9:35 AM

views 30

অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ কেন্দ্রীয় গৃহ মন্ত্ৰালয়ৰ পুঁজিৰ আৱণ্টন

● কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে অসমকে ধৰি ১৪ খন বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুজি আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰিৰ পুজিৰ অংশ হিচাপে ৫ হাজাৰ ৮৫৮ কোটি ৬০ লাখ টকাৰ আৱণ্টন দিছে। কেন্দ্ৰীয় চৰকাৰে অসমলৈ ৭১৬ কোটি টকা আবণ্টন দিছে। একেদৰে মহাৰাষ্ট্ৰলৈ ১,৪৯২ কোটি টকা, অন্ধ্ৰ প্ৰদেশলৈ এহেজাৰ কোটিৰো অধিক টকা, গুজৰাটলৈ ৬০০ কোটি টকা আৰু তেলেংগানালৈ ৪১৭ কোটি টকা মোকলাই দিয়া হৈছে। চলিত বৰ্ষৰ বাৰিষা কালত অতিমাত্ৰা বৰষুণ, বান আৰু ভূমিস্খলনৰ ফলত এই ৰাজ্যসমূহ ক্ষতিগ্ৰস্ত হৈছিল। বানত ক্ষতিগ্ৰস্ত অসম, ...

August 19, 2024 8:06 PM

views 21

মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। শীঘ্ৰেই বিদেশী প্রতিষ্ঠানটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজি আদালতত এখন শপতনামাও দাখিল কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা আৰু অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এ...

August 7, 2024 5:51 PM

views 24

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰ

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া এই কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ হ'লে মহানগৰীখনৰ নলা-নৰ্দমাৰ ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰসাৰণৰ প্ৰয়োজন হ'...

August 2, 2024 6:08 PM

views 24

কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধ পৰিদৰ্শন মন্ত্রী পীযূষ হাজৰিকাৰ

ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁও জিলাৰ কলিয়াবৰৰ হাতীমূৰাৰ নিৰ্মীয়মান শুইচ গেট সংলগ্ন মথাউৰিৰ চিগা অংশ আৰু কলংমুখৰ অস্থায়ী সুৰক্ষা বান্ধটো পৰিদৰ্শন কৰে। তেওঁ পৰিস্থিতি অধ্যয়ন কৰি এই বান্ধটো অধিক মজবুত কৰি সুৰক্ষিত কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ ১৫ আগষ্টৰ পূৰ্বে আদায় দিয়া হ'ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা ২ জুলাইত এই শুইচ গেটৰ বান্ধ ভাঙি কলংমুখেৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই আহি কলিয়াবৰ ৰাজহ চক্ৰৰ ৫৮খনকৈ ৰাজহ গাঁও প্লাৱিত কৰিছিল।

July 23, 2024 7:42 PM

views 23

ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত

ৰাজ্যত বান পৰিস্থিতি উন্নত হৈছে যদিও কেইবাটাও প্রান্তত খহনীয়া অব্যাহত আছে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী পাথাৰগাঁৱত খহনীয়াত কেইটাবাও ঘৰ জাহ গৈছে। আনহাতে শিৱসাগৰ জিলাৰ আমগুৰিৰ নামতি নৈৰ মথাউৰি খহনীয়া কবলত পৰিছে। যাৰ ফলত কাষৰীয়া প্ৰায় ১০ খন গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। গোৱালপাৰা জিলাৰ বেলডুবি গাঁও পঞ্চায়তৰ পুঠিয়া, মাদকনাতো ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া অব্যাহত আছে। বিগত সপ্তাহত ৩০টাকৈ পৰিয়ালৰ বাসগৃহৰ লগতে কৃষিভূমি খহনীয়াত জাহ গৈছে। খহনীয়াৰ বাবে নিজৰ ঘৰ এৰি ক্ষতিগ্রস্ত লোকসকলে অন্য...

July 20, 2024 6:49 PM

views 51

শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূ...

July 20, 2024 12:21 PM

views 26

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ

ৰাজ্যৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এতিয়াও ১৩ খন জিলাৰ ৫৭২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। ৰাজ্যৰ ২ লাখৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। একেদৰে ৫৬টা আশ্রয় শিবিৰত ১০ সহস্রাধিক বানপীড়িতই আশ্ৰয় লৈ আছে। ইপিনে বানৰ পাছতে ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভৱ ঘটিছে। ইতিমধ্যে এই ৰোগত ৫ জন লোকৰ মৃত্যু হোৱাৰ তথ্য ৰাজ্যৰ স্বাস্থ্য বিভাগে সদৰি কৰিছে। আনহাতে আন কেইবাজনো আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ধেমাজিত জাপানীজ এনচেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ...

July 15, 2024 12:32 PM

views 13

বৰ্তমানেও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত

ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ, বুঢ়ী দিহিং আৰু দিচাং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যত বানৰ ফলত ৯৩ জন লোকৰ মৃত্যু হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৫২টা ৰাজহ চক্ৰৰ এহেজাৰ ৩৪২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ২৫ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ১৭২টা আশ্রয় শিবি...