June 2, 2025 6:53 PM June 2, 2025 6:53 PM

views 22

সাম্প্ৰতিক বান পৰিস্থিতিত যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু

বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ...

June 2, 2025 11:03 AM June 2, 2025 11:03 AM

views 23

১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্...

June 2, 2025 10:19 AM June 2, 2025 10:19 AM

views 21

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰত ৪ জন লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত কালি ব্ৰহ্মপুত্ৰত ৪ জনকৈ লোক সন্ধানহীন হয়। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলায় যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয়। শিশুটিৰ সন্ধানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধা...

June 2, 2025 10:15 AM June 2, 2025 10:15 AM

views 13

বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপ...

June 2, 2025 9:48 AM June 2, 2025 9:48 AM

views 21

অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ...

June 1, 2025 11:30 AM June 1, 2025 11:30 AM

views 11

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা বানৰ কবলত

● বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু শাম কাটিছে যদিও কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। কামৰূপ জিলাৰ বকোত মেঘালয়ৰ পানীয়ে বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে শিঙৰা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।...

May 31, 2025 8:53 PM May 31, 2025 8:53 PM

views 18

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰিছে। বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি বজালী, বাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, কামৰূপ মহানগৰ জিলা, কামৰূপ, মৰিগাঁও, নলবাৰী, কাছাৰ, ডিমা হাচাও, হাইলাকান্দি, শ্রীভূমি আদি কেইবাখনো জিলাত নিশাপর্যন্ত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছুপৰিমাণে শাম কাটিছে যদিও ভালেমান অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে। মহানগৰীৰ ৰুক্মিণীগাঁও, অনিলনগৰ, নবীন নগৰ, পাঞ্জাবাৰী,...

May 23, 2025 12:21 PM May 23, 2025 12:21 PM

views 21

ৰাজ্যত চলিত বৰ্ষত বান ৰোধৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে

● ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণ কৰা মথাউৰিসমূহৰ নিম্নভাগত এটাকৈ জিঅ' মেগা টিউব বহুওৱা হৈছে। বানে মেগা টিউবৰ ওপৰত থকা মাটিৰ কিছু অংশ খহাই নিলেও এই মেগা টিউবে মথাউৰি ছিগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব বুলি ...

May 22, 2025 11:34 AM May 22, 2025 11:34 AM

views 25

ৰাজ্যত নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

■ কেইবাদিন ধৰি ৰাজ্যত হৈ থকা নেৰেনেপেৰা বৰষুণৰ ফলত বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থাকিব। অহা তিনি- চাৰিদিনৰ ভিতৰত কেৰালাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলতো দক্ষিণ-পশ্চিম মৌচুমী বতাহ প্ৰৱেশ কৰিব। বতৰ বিজ্ঞান বিভাগৰ পূৰ্বানুমান অনুসৰি ২০০৯ চনৰ পিছত ভাৰতৰ মূল ভূখণ্ডত এয়াই হ’ব মৌচুমী বতাহৰ আগতীয়া আৰম্ভণি। সাধাৰণতে ১ জুনৰ ভিতৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহে কেৰালাত প্ৰৱেশ কৰে আৰু ৮ জুলাইৰ ভিতৰত সমগ্ৰ দেশতে এয়া বিয়পি পৰে। ...

May 21, 2025 7:20 PM May 21, 2025 7:20 PM

views 15

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজুঃ কেশৱ মহন্ত

সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ দুৰ্যোগ প্রশমন বিভাগ সাজু হৈছে বুলি দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ইতিমধ্যে এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জিলা আয়ুক্তসকলক ইয়াৰ বাবে যাৱতীয় নিৰ্দেশ দিয়া হৈছে। বানৰ সময়ত যোগাযোগৰ বাবে নিয়ন্ত্রণ কক্ষ মুকলি কৰাৰ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত প্ৰাৰম্ভিক কাম-কাজসমূহৰ বাবেও ইতিমধ্যে আলোচনা হৈছে। বানৰ বাবে সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৩৫ খন জিলা আৰু ২৯ খন উপ-জিলাৰ বাবে ৰাজ্যৰ ৰাজহ আৰু...