August 11, 2026 7:36 PM
4
ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, ৭ জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত
ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৪১ খন গাঁৱৰ ১ লাখ ১২,৭১৮ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্রস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নির্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থক...