July 8, 2024 12:26 PM

views 17

ৰাজ্যত সম্প্ৰতি ২৮খন জিলাৰ ২২ লাখ ৭৪ হাজাৰতকৈও অধিক লোক বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮ খন জিলাৰ ২২ লাখ ৭৪ হাজাৰতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ ৯৭টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৪৬ খনৰো অধিক গাঁও বানত প্লাৱিত হৈছে আৰু ৬৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানত বুৰ গৈছে। প্ৰশাসনে স্থাপন কৰা ২৬৯টা আশ্রয় শিবিৰত ৫৩ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। তদুপৰি প্ৰশাসনে ৩৬১টা বান সাহায্য শিবিৰ স্থাপন কৰি সাহায্য অভিযান অব্যাহত ৰাখিছে। বানৰ ফলত কালি কাছাৰ, গোৱালপাৰা, ধেমাজি আৰু শিৱসাগৰ জিলাত এজনকৈ, ধুবুৰী আৰু নলবাৰীত দুজনকৈ মুঠ ৮ জন লো...