July 9, 2024 12:12 PM

views 26

ৰাজ্যত ২৭খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত, ৭২গৰাকী লোকৰ মৃত্যু

ৰাজ্যত এইপর্যন্ত বানত মহিলা-শিশুসহ ৭২ গৰাকী লোকৰ মৃত্যু হৈছে৷ শেহতীয়া তথ্য অনুসৰি ২৭ খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাজ্যৰ ১১টা ৰাজহ চক্ৰৰ ৩ হাজাৰ ১০০খনৰো অধিক গাঁও প্লাৱিত হৈ আছে। বিশেষকৈ শিৱসাগৰ, কামৰূপ, ডিব্ৰুগড়, নলবাৰী আৰু বৰপেটা জিলাত এতিয়াও বান পৰিস্থিতি জটিল হৈ আছে। আনহাতে ৪৯ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি পানীয়ে বুৰাই পেলাইছে। বিভিন্ন জিলাত প্রশাসনে ২৪৫টা আশ্রয় শিবিৰ স্থাপন কৰিছে আৰু ইয়াত ৫৩ হাজাৰৰো অ...