June 17, 2024 9:03 PM
24
ৰাজ্যৰ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত বানৰ আশংকা
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ বানৰ আশংকাই দেখা দিছে। কালিৰেপৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ভালেমান অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। বৰষুণ অব্যাহত থাকিলে কামপুৰ এলেকা পুনৰ বানৰ কবলত পৰাৰ আশংকাই দেখা দিছে। নগাঁও জিলা প্রশাসনে অঞ্চলটোৰ নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ সতর্কতা জাৰি কৰিছে। ইপিনে, কপিলী নৈৰ বানে হোজাই জিলাৰ কেইবাখনো গাঁও বুৰাই পেলাইছে। জিলাখনৰ থেপ্লাগুৰি, যাঠীহুৰা, হাতীমৰা, নভঙাকে ধৰি কেইবাখনো গাঁও বানে ...