July 2, 2024 10:37 AM July 2, 2024 10:37 AM
132
সম্প্ৰতি বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন
■ ৰাজ্যৰ বান পৰিস্থিতি শোচনীয় হৈ পৰিছে। প্ৰলয়ংকৰী বানত ৰাজ্যৰ ১৯খন জিলাৰ ১,২৭৫ খন গাঁও জলমগ্ন হৈছে। উজনি-নামনি অসমৰ লগতে বৰাক উপত্যকাৰ কেইবাখনো নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈসমূহৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি আছে। বৰ্তমানলৈকে ৰাজ্যত ১৩৬ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে আৰু ইয়াত ৮ হাজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰিছে। বিভিন্ন ঠাইত বাঢ়নী পানীয়ে কেইবাটাও পথ খহাই নিয়াৰ লগতে বিভিন্ন ঠাইত পথৰ ওপৰে...