November 27, 2025 1:19 PM

views 41

ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে: পীযূষ হাজৰিকা

● ৰাজ্যৰ বান সমস্যা ৭০ শতাংশ সমাধান হৈছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই কালি বিধানসভাৰ শীতকালীন অধিবেশনত তথ্য প্রকাশ কৰে। বিগত চাৰে চাৰি বছৰত ৰাজ্যত নতুনকৈ ১,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে কালিৰ প্রশ্নোত্তৰ ঘণ্টাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে। ৰাজ্য চৰকাৰে ১,১৫০ কিলোমিটাৰ মথাউৰি নথকা অঞ্চল চিনাক্ত কৰিছিল আৰু ইয়াৰে ৯৫০ কিলোমিটাৰ মথাউৰি ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে বাকী থকা মথাউৰি নিৰ্মাণৰ কামৰ...

September 15, 2025 8:19 PM

views 26

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা প্লাৱিত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলাপথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। প্ৰথমবাৰৰ বাবে গামানি ছপালনা গাঁৱৰ বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰিছে। আজি বিধয়াক পদ্ম হাজৰিকাই বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট...

August 29, 2025 1:28 PM

views 28

গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত

●● গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। কালি সন্ধিয়াৰ ভাগত অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সোণাপুৰ ৰাজহ চক্ৰৰ অশোক শৰ্মা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়। কৃত্রিম বানত মহানগৰীৰ নমাইল, যোৰাবাট, ঘোঁৰামৰা, ৰুক্মিনীগাঁও, বৰ্ষাপাৰা, অনিল নগৰ, নবীন নগৰ, আমবাৰী, বামুণীমৈদাম, গোটানগৰ আদিকে ধৰি ৩৯ টা স্থান প্লাৱিত হৈছে। ৰুক্মিনী গাঁও, জুৰিপাৰ, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও আৰু গোটানগৰত পৰিস্থিতি জটিল হোৱাৰ বাবে ৰাজ...

July 9, 2025 7:46 PM

views 27

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাটৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে আন আন বিভাগসমূহে সন্মিলিত প্রচেষ্টাৰে তৎপপৰতা অৱলম্বন কৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা প্ৰশাসনে বন্যার্তলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৪ খন গাঁৱৰ প্ৰায় ছহেজাৰ লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহ চক্ৰৰ মুঠ ৯ খন গাঁৱৰ ৮ সহস্ৰাধিক লো...

June 10, 2025 8:21 PM

views 59

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪৩ টা আশ্রয় শিবিৰত ছহেজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমা...

June 6, 2025 6:55 PM

views 31

ৰাজ্যৰ ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। এই বানত ৰাজ্যখনৰ এহেজাৰ ৪০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪১ হাজাৰতকৈ অধিক লোকে ১৭৫ টা আশ্রয় শিবিৰত আশ্ৰয়...

June 4, 2025 7:35 PM

views 30

২০ খন জিলাৰ ৬,১৭,০০০ৰো অধিক লোক এতিয়াও বানৰ কবলত

যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও ২০ খন জিলাৰ ৬ লাখ ১৭ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্রতিক বানত ৰাজ্যখনৰ এহেজাৰ ৪৮৯ খন গাঁৱৰ ১৪ হাজাৰ ৭৩৯ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ২২৩ টা আশ্রয় শিবিৰত ৩৯ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা ২৪ ঘণ্টাত হাইলাকান্দি, শ্রীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত ২ লাখৰো অধিক পশুধনৰো ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভ...

June 3, 2025 7:53 PM

views 33

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্রস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্রতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফল...

June 3, 2025 1:14 PM

views 38

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়া বান পৰিস্থিতিৰ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ কেইবাখনো জিলাত শেহতীয়াকৈ বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ২২ খন জিলাৰ ৫ লাখ ১৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত শেহতীয়া বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হৈ আছে। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লখিম...

June 2, 2025 8:02 PM

views 28

কেইবাখনো জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে

কিছু দিন ধৰি ধাৰাষাৰ বৰষুণৰ পাছত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যখনৰ ১৯ খন জিলাৰ তিনি লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত বানৰ ফলত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্রীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধা...