November 22, 2024 12:18 PM

views 40

অসমৰ মীন পালন খণ্ডৰ ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল

অসমৰ মীন পালন খণ্ডই বিগত ১০ বছৰত যথেষ্ট প্ৰগতি লাভ কৰিছে আৰু ব্যৱসায়িক মাছ পালনৰ ক্ষেত্ৰত পঞ্চম স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই কালি দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন প্রেক্ষাগৃহ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ চৌহদত আয়োজিত বিশ্ব মীন পালন দিৱসত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যিক মীন বিভাগে অসমক দেশৰ অগ্ৰণী মৎস্য ৰপ্তানিকাৰী ৰাজ্যৰূপে পৰিগণিত কৰাত সহায় কৰিব পাৰে। বিশ্ব মীন দিৱস উপলক্ষে কালি নতুন দিল্লীত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অসমৰ দৰং জিলাই মীন ক্ষেত্ৰত হ...