August 2, 2024 6:43 PM August 2, 2024 6:43 PM

views 12

বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছেঃ বিত্তমন্ত্ৰী অজন্তা নেওগ

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে, বিগত ৩ বছৰত গোলাঘাট জিলাৰ কেইবাটাও খণ্ডত যথেষ্ট উন্নয়ন হৈছে। গোলাঘাটৰ আৱৰ্ত ভৱনত আজি এখন সংবাদমেল যোগে মন্ত্রী নেওগে কৈছে যে, গোলাঘাট সমষ্টিত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ কাম ইতিমধ্যে ৩৮ শতাংশ সম্পন্ন হোৱাৰ লগতে বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কাম ২১ শতাংশ সম্পূৰ্ণ হৈছে। গোলাঘাট নগৰত নিৰ্মাণ হৈ থকা আয়ুক্তৰ কার্যালয়ৰ কাম ২৩ শতাংশ সম্পন্ন হোৱাৰ বিপৰীতে জিলাখনত অসম মালাৰ অধীনত ধোদৰ আলিৰ কাম ১৭ শতাংশ, গোলাঘাটৰ পৰা মেৰাপানী সংযোগী পথৰ কা...