August 4, 2025 6:22 PM August 4, 2025 6:22 PM

views 27

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ দখলকাৰীৰ কৱলত প্ৰায় ৪,২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অসম চৰকাৰলৈ নিৰ্দেশ

  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় ৪ হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভি...

August 3, 2025 11:05 AM August 3, 2025 11:05 AM

views 24

উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন

● গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহ, ৪০০ দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে আজিৰে পৰা দক্ষিণ নামবৰ ব...

August 3, 2025 10:59 AM August 3, 2025 10:59 AM

views 10

ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচ বিহীনভাৱে অভিযান চলাই যাব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচ বিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ ওভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে...

August 1, 2025 8:53 PM August 1, 2025 8:53 PM

views 9

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা ২ নম্বৰ আৰু ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ খেৰবাৰী, ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্রাছা, মছজিদ আৰু তামোলৰ বাৰীত প্রশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত ৩ আগষ্ট অর্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব।

August 1, 2025 6:39 PM August 1, 2025 6:39 PM

views 9

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্...

July 28, 2025 5:51 PM July 28, 2025 5:51 PM

views 17

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জ...

July 27, 2025 8:55 PM July 27, 2025 8:55 PM

views 16

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পৰহিলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে। অৱশ্যে একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছে। ইয়াৰ আগেয়ে প্ৰশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভি...

July 27, 2025 10:55 AM July 27, 2025 10:55 AM

views 12

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ অভিযান

উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অহা ২৯ জুলাইৰ পুৱাৰ পৰা উচ্ছেদ চলোৱা হ'ব। বন বিভাগে অঞ্চলটোৰ সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি গাঁওসমূহলৈ গৈ কাইলৈৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ জাননী দিছে। ইয়াৰ আগেয়ে প্রশাসনে জাৰি কৰা জাননীত দখল কৰা লোকসকলক সাত দিনৰ ভিতৰত এই স্থান খালী কৰিবলৈ সময়সীমা বান্ধি দিয়া হৈছিল। কেইবাটাও পর্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জাননী জাৰি কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও ...

July 8, 2025 7:46 PM July 8, 2025 7:46 PM

views 10

ধুবুৰীৰ কেইবাটাও অঞ্চলত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

ধুবুৰী জিলা প্ৰশাসনে আজি চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰৰ লগতে আন কেইবাটাও অঞ্চলত উচ্ছেদ অভিযান চলায়। তাপবিদ্যুৎ প্রকল্প নিমাৰ্ণৰ বাবে ৰাজ্য চৰকাৰে আৱণ্টন কৰা প্ৰায় ৩ হাজাৰ ৪০০ বিঘা ভূমিত থকা এহেজাৰ ৬৯টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰে। সহস্ৰাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত চলোৱা উচ্ছেদৰ সময়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উচ্ছেদিতই ঘৰ ভাঙিবলৈ অহা এছকেভেটৰলৈ শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে। আমাৰ ধুবুৰীৰ স...