August 8, 2025 7:59 PM

views 21

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত প্ৰশাসনৰ উচ্ছেদ অভিযান

গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত  উচ্ছেদ চলায়। অঞ্চলটোত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে প্ৰশাসনে এই অভিযান চলাইছে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হৈছে। শান্তিপূৰ্ণভাৱে চলা দিনজোৰা উচ্ছেদ অভিযানৰ পাছত নেঘেৰিবিলত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা...

August 8, 2025 10:25 AM

views 25

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 7, 2025 7:25 PM

views 22

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্রশাসনে লক্ষ্য লৈছে। ইপিন, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইব...

August 6, 2025 7:55 PM

views 25

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু

গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগ পৰহিলৈ মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু হৈছে। আৰক্ষী, বন বিভাগৰ লোকে আজি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। উচ্ছেদৰ বাবে মাজত এটা দিন বাকী থকা অৱস্থাত প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰিবিল অঞ্চল খালী কৰাৰ বাবে শেষৰ বাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে নেঘেৰিবিলত উচ্ছেদ হ'বলগীয়া ২০৫ টা পৰিয়ালৰ ভিতৰত ৭৪ টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰিবিলৰ ৫৯ টা আৰু ...

August 4, 2025 6:22 PM

views 43

গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ দখলকাৰীৰ কৱলত প্ৰায় ৪,২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অসম চৰকাৰলৈ নিৰ্দেশ

  ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত দখলকাৰীৰ কৱলত থকা প্ৰায় ৪ হাজাৰ ২৪০ হেক্টৰ ভূমি ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দখলমুক্ত কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে কিছুদিন পূর্বে বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলসমূহৰ বৃহৎ পৰিমাণৰ ভূমি দখলকাৰীৰ কৱলত আছে বুলি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণত প্রতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত উল্লেখ কৰা মতে কামৰূপ মহানগৰ জিলাৰ ১২ খন সংৰক্ষিত বনাঞ্চলৰ ৮ খনৰ বৃহৎ পৰিমাণৰ ভূমি অবৈধভাৱে দখল কৰা হৈছে। ইয়াৰ ভি...

August 3, 2025 11:05 AM

views 80

উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন

● গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্যৰে চলোৱা এই অভিযানত ৪ হাজাৰ টা সাধাৰণ বাসগৃহ, ৪০০ দুমহলীয়া অট্টালিকা উচ্ছেদ কৰা হয়। তদুপৰি এই অভিযানত বিভিন্ন অপৰাধত জড়িত থকাৰ অভিযোগত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় বুলি কালি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সামৰণিত বন বিভাগ আৰু প্ৰশাসনে এখন সংবাদমেলত প্ৰকাশ কৰে। বন বিভাগৰ হৈ প্ৰধান মুখ্য বন সংৰক্ষক এম. কে. যাদৱে কয়, যে আজিৰে পৰা দক্ষিণ নামবৰ ব...

August 3, 2025 10:59 AM

views 30

ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে আপোচ বিহীনভাৱে অভিযান চলাই যাব: মুখ্যমন্ত্রী

● ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ভূমি অবৈধ দখলমুক্ত কৰাৰ বাবে আপোচ বিহীনভাৱে অভিযান চলাই যাব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি ওদালগুৰিত বিজয় সংকল্প সমাৱেশত অংশ লৈ ওভতি অহাৰ পথত দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত এখন দলীয় সভাত অংশ লোৱাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ ২৯ লাখ বিঘা ভূমি দখলকাৰীৰ কবলত আছে আৰু এই ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে অভিযান চলাই যাব। এইক্ষেত্ৰত স্থানীয় ৰাইজক সজাগ হৈ থকাৰ বাবে মুখ্যমন্ত্ৰীয়ে...

August 1, 2025 8:53 PM

views 24

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি ক্রমাগত চতুর্থদিনৰ বাবে প্ৰশাসন তথা বন বিভাগৰ উচ্ছেদ অভিযান চলায়। বনাঞ্চলখনত থকা ২ নম্বৰ আৰু ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ খেৰবাৰী, ২ নম্বৰ মধুপুৰ আৰু বিদ্যাপুৰত আজি অভিযান চলে। অঞ্চলকেইটাত থকা বাসগৃহ, মাদ্রাছা, মছজিদ আৰু তামোলৰ বাৰীত প্রশাসনে বুলডজাৰ চলাই উচ্ছেদ কৰে। প্ৰশাসনে জনোৱা অনুসৰি উৰিয়াঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলখনত ৩ আগষ্ট অর্থাৎ পৰহিলৈকে উচ্ছেদ অভিযান চলিব।

August 1, 2025 6:39 PM

views 22

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যত বৰ্তমানলৈকে ১ লাখ ৩৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে উৰিয়ামঘাট অঞ্চলত চলোৱা উচ্ছেদ অভিযানত ১০ হাজাৰৰো অধিক ভূমি দখলমুক্ত কৰা হৈছে। পূৰ্বতে ১ লাখ ২৯ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰা হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই লগতে উৰিয়ামঘাটত চলোৱা উচ্ছেদ অভিযানত সহযোগিতা কৰাৰ বাবে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ক ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীৰ বনাঞ্চল সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্...

July 28, 2025 5:51 PM

views 30

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ’ব

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত কাইলৈ পুৱাৰে পৰা উচ্ছেদ অভিযান চলোৱা হ'ব। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রশাসনে ইতিমধ্যে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ সাজু কৰিছে। উল্লেখযোগ্য যে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক আজিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকিয়াই দিছে। ইয়াৰ আগেয়ে প্রশাসনে জ...