August 21, 2025 7:00 PM August 21, 2025 7:00 PM

views 3

বিশ্বনাথৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী

বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা ৪৩৩টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক ১৫ দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। জিলাখনৰ নিজ বাঘমাৰী গাঁৱৰ গোপচাৰৰ ২৬৫ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দখলিকৃত ভূমি দখলমুক্ত নোহোৱা পৰ্যন্ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই যাবলৈ নিজৰ স্থিতিত অটল হৈ আছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বিশ্বনাথ জিলা ভ্ৰমণৰ সময়ত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ ...

August 20, 2025 8:30 PM August 20, 2025 8:30 PM

views 15

ৰাজ্যৰ দুখন জিলাত প্ৰশাসনৰ উচ্ছেদ অভিযান

চৰাইদেউ জিলাৰ মথুৰাপুৰত থকা ঐতিহাসিক ভূঞা পুখুৰীৰ মাটি অধিকাৰ কৰি বাসগৃহ নিৰ্মাণ কৰা দুটা পৰিয়ালৰ বিৰুদ্ধে আজি চৰাইদেউ জিলা প্ৰশাসনে উচ্ছেদ চলায়। জিলা প্ৰশাসনে দখলকাৰী হিচাপে চিনাক্ত হোৱা অনু বেগম আৰু মবিদুল ইছলামৰ বাসগৃহ ভাঙি দিয়াৰ লগতে পুখুৰীৰ মাটি দখলমুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। পৰিয়াল দুটাই বহু দিনৰে পৰাই ভূঞা পুখুৰীৰ মাটি দখল কৰি আছিল। যোৱা ৯ আগষ্টত দখলকাৰী পৰিয়ালৰ এগৰাকী সদস্যই চৰাইদেউৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে আক্ৰমণ কৰি অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ পাছতে ...

August 19, 2025 12:04 PM August 19, 2025 12:04 PM

views 2

উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি ৭ দিনৰ ভিতৰত লোকসকলক স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ

■ উৰিয়ামঘাটৰ উচ্ছেদৰ সম্পৰ্কত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্রহণ কৰি বনভূমি দখল কৰি থকা লোকসকলক ৭ দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰী খণ্ড বিচাৰপীঠে দিয়া ৰায় অনুসৰি উৰিয়ামঘাটৰ বনভূমি দখল কৰি থকা লোকসকলে যিকোনো পৰিস্থিতিতে সেই স্থান ত্যাগ কৰিব লাগিব। উৰিয়ামঘাটৰ ৰাণা নগৰ, হাতীডুবি, হালধিবাৰী, দুর্গাপুৰ আৰু ১ নম্বৰ মধুপুৰ গাঁৱত কালি প্ৰশাসনে দ্বিতীয় পর্যায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। এই...

August 18, 2025 9:19 PM August 18, 2025 9:19 PM

views 17

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগৰ ৫খন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ

অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত জিলা প্ৰশাসন আৰু বন বিভাগে আজি পাঁচখন গাঁৱত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে যদিও নাগালেণ্ডৰ একাংশ লোকে বাধা প্ৰদান কৰাৰ বাবে এই অভিযান বিঘ্নিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে এই অভিযান আৰম্ভ কৰাৰ পাছতে প্রতিবেশী ৰাজ্যখনৰ একাংশ লোকে বাধা দিয়াক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড প্ৰশাসনৰ সৈতে হোৱা আলোচনা মৰ্মে সাময়িকভাৱে এই অভিযান বন্ধ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত দুয়োখন ৰাজ্যৰ সীমামূৰীয়া জিলাৰ আয়ুক্তৰ মাজত আলোচনা অনুষ্ঠিত হ'ব বুলি জানিব...

August 17, 2025 7:35 PM August 17, 2025 7:35 PM

views 11

ভূমিৰ চৰকাৰী জৰীপ নোহোৱা বিশ্বনাথৰ জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ

■ বিশ্বনাথ জিলা প্রশাসনে আজি ভূমিৰ চৰকাৰী জৰীপ নোহোৱা জাপৰিগুৰিৰ ১৭৫ বিঘা ভূমিত উচ্ছেদ চলাইছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ নিৰ্দেশ দিছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ প্ৰশাসনে কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰিছিল। উচ্ছেদ অভিযানত ২০ খন বুলড'জাৰ, ১০ খন ট্ৰেক্টৰ আৰু ২০ খন সৰু-বৰ বাহন ব্যৱহাৰ কৰা হৈছে। যিকোনো অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে অঞ্চলটোত আৰক্ষী-নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। উচ্ছেদ অভিযানৰ বাবে ...

August 16, 2025 7:29 PM August 16, 2025 7:29 PM

views 20

বিশ্বনাথ জিলা প্রশাসনৰ কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ

বিশ্বনাথ জিলা প্রশাসনে কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে আৰক্ষী প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অঞ্চলটোৰ পৰা অধিকাংশ লোক আঁতৰি গৈছে। জিলাখনত অবৈধ দখলকাৰীৰ কবলত ৫৬ হাজাৰ বিঘা চৰকাৰী ভূমি আছে। ইয়াৰে ভিতৰত বিশ্বনাথ ৰাজহ চক্ৰতে প্ৰা...

August 8, 2025 7:59 PM August 8, 2025 7:59 PM

views 10

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত প্ৰশাসনৰ উচ্ছেদ অভিযান

গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত  উচ্ছেদ চলায়। অঞ্চলটোত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদৰ লক্ষ্যৰে প্ৰশাসনে এই অভিযান চলাইছে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত এই উচ্ছেদ অভিযান চলোৱা হৈছে। শান্তিপূৰ্ণভাৱে চলা দিনজোৰা উচ্ছেদ অভিযানৰ পাছত নেঘেৰিবিলত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা...

August 8, 2025 10:25 AM August 8, 2025 10:25 AM

views 11

মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

■ গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগে আজি পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলৰ ৩০০ বিঘা ভূমিত উচ্ছেদ চলাব। জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিলত প্রায় ৩০০ বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতে গোলাঘাট জিলা বন বিভাগে ড্ৰোণৰ সহায়ত মেৰাপানীৰ নগা পাহাৰৰ দাঁতিত ২ নম্বৰ নেঘেৰিবিল গাঁৱত সন্দেহজনক লোকৰ বসতিপ্রধান অঞ্চলটোৰ দৃশ্য সংগ্ৰহ কৰাৰ লগতে বন বিভাগৰ এটা বৃহৎ দলে অঞ্চলটোত উপস্থিত হৈ ঘৰে ঘৰে গৈ জৰীপ আৰু তথ্য সংগ্ৰহ...

August 7, 2025 7:25 PM August 7, 2025 7:25 PM

views 10

নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত লখিমপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ

লখিমপুৰ জিলা প্ৰশাসনে আজি নাওবৈচাৰ ফুকনদলনিৰ ২৩৪ বিঘা ভূমিত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে উচ্ছেদ অভিযান সুকলমে সম্পন্ন হয়। প্রশাসনে ফুকনদলনিৰ ১১৪টা পৰিয়াললৈ জাননী জাৰি কৰিছিল। উচ্ছেদৰ পূৰ্বে ৯০ শতাংশ পৰিয়ালে নিজৰ বাসগৃহ খালী কৰি অইন স্থানলৈ আঁতৰি যায়। জিলাখনত ৩ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ বাবে প্রশাসনে লক্ষ্য লৈছে। ইপিন, গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগ কাইলৈ পুৱাৰে পৰা মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰীবিলত উচ্ছেদ চলাব। প্রায় ৭০খন এস্কেভেটৰৰ লগতে কেইব...

August 6, 2025 7:55 PM August 6, 2025 7:55 PM

views 16

মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু

গোলাঘাট জিলা প্রশাসন আৰু বন বিভাগ পৰহিলৈ মেৰাপানী সীমান্তৰ ২ নম্বৰ নেঘেৰিবিলত উচ্ছেদ চলাবলৈ সাজু হৈছে। আৰক্ষী, বন বিভাগৰ লোকে আজি অঞ্চলটোৰ পৰিস্থিতি নিৰীক্ষণ কৰে। উচ্ছেদৰ বাবে মাজত এটা দিন বাকী থকা অৱস্থাত প্ৰশাসনৰ তৰফৰ পৰা ২ নম্বৰ নেঘেৰিবিল অঞ্চল খালী কৰাৰ বাবে শেষৰ বাৰৰ বাবে অবৈধ দখলকাৰীসকলক মাইকযোগে জাননী জাৰি কৰা হয়। উল্লেখযোগ্য যে নেঘেৰিবিলত উচ্ছেদ হ'বলগীয়া ২০৫ টা পৰিয়ালৰ ভিতৰত ৭৪ টা পৰিয়ালৰ লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে দৈয়াং বনাঞ্চলৰ নেঘেৰিবিলৰ ৫৯ টা আৰু ...