January 3, 2026 7:10 PM

views 38

ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিবঃ মুখ্যমন্ত্ৰী

ৰাজ্যত উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গোৱালপাৰা জিলাৰ দুধনৈত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত দুধনৈ বিধানসভা সমষ্টিৰ ২৮ হাজাৰ ৯৩ গৰাকী মহিলাৰ মাজত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধনৰ চেক প্ৰদান কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত কমেও ১২ লাখ বিঘা দখলিকৃত ভূমি আছে। এই ভূমি পর্যায়ক্রমে দখলমুক্ত কৰা হ'ব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অনুপ্রবেশকাৰী...

January 3, 2026 6:49 PM

views 17

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা ১,২৫০ টা পৰিয়ালৰ ভিতৰত ১,০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত ১,২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০ টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে...

January 1, 2026 8:08 PM

views 21

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলত কাইলৈ উচ্ছেদ অভিযান

হোজাই জিলা প্রশাসনে কাইলৈ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰে আৰু এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ১৭০টা পৰিয়ালৰ ভিতৰত এহেজাৰ ১৮টা উচ্ছেদ কৰা হ'ব। বাকী ১৫২টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ইপিনে...

December 29, 2025 11:54 AM

views 20

বিশ্বনাথৰ বাঘমাৰীত জিলা প্রশাসনৰ দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ

বিশ্বনাথ জিলাৰ বাঘমাৰীত কালি জিলা প্রশাসনে দখলীকৃত ভি জি আৰ ভূমিত উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে যোৱা আগষ্টত অঞ্চলটোৰ ভূমি দখল কৰি থকা ৭৩২ টা পৰিয়াললৈ জাননী জাৰি কৰিছিল, কিন্তু ইয়াৰে ৬৮ টা পৰিয়ালে উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে উচ্ছেদ অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল। প্রশাসনে কালি ন্যায়ালয়ৰ বিবেচনাধীন ৬৮ টা পৰিয়ালৰ বাসগৃহৰ বাহিৰে বাকী ৬৬৪ টা পৰিয়ালৰ বাসগৃহত শান্তিপূর্ণভাৱে উচ্ছেদ চলায়।

December 5, 2025 2:37 PM

views 19

ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ নগাঁও জিলা প্রশাসনৰ

● নগাঁও জিলা প্রশাসনে আজি ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলাইছে। প্রশাসনে ৪ খন বুলডজাৰৰ সহায়ত প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰাৰ বাবে অভিযান চলাইছে। এই উচ্ছেদ অভিযান যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে আৰক্ষী, অৰ্ধসামৰিক বাহিনী সাজু কৰি ৰখা হৈছে। জিলা প্ৰশাসনে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভৰ পাছতে একাংশ পৰিয়ালে ইতিমধ্যে সেই ঠাই এৰি আঁতৰি গৈছে। আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হ'ব।

December 4, 2025 6:58 PM

views 24

নগাঁও জিলা প্ৰশাসনে কাইলৈ ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত উচ্ছেদ অভিযান চলাব

নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে ...

November 17, 2025 6:45 PM

views 31

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু

নগাঁও জিলাৰ সংৰক্ষিত বনাঞ্চলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে জাননী জাৰি কৰা হৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এখন সংবাদ মেলযোগে এই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ১৯১৯ চনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ৫,৯০০ বিঘাৰো অধিক ভূমি দখল হৈ আছিল। তেওঁ কয় যে এই লোকসকলক পর্যাপ্ত সময় দিয়া হৈছে আৰু এই নিৰ্ধাৰিত সময়ৰ ভিতৰত দখলমুক্ত নকৰিলে প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ বাধ্য হ'ব।

November 10, 2025 5:40 PM

views 36

গোৱালপাৰাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগৰ উচ্ছেদ অভিযানত ১,১৪০ বিঘা মাটি দখলমুক্ত

গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত প্ৰশাসন আৰু বন বিভাগে কালি উচ্ছেদ অভিযান চলাই ১,১৪০ বিঘা মাটি দখলমুক্ত কৰাৰ পাছত সেই অঞ্চলটো সংৰক্ষিত কৰি ৰখাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ কাম আৰম্ভ কৰিছে। বন আৰু পৰিৱেশ বিভাগৰ দায়িত্বত থকা বিশেষ মুখ্য সচিব এম কে যাদৱৰ লগতে জিলাৰ বন সংমণ্ডল প্ৰাধীকাৰী তেজেছ মৰিশ্বামীয়ে আজি সেই ঠাই পৰিদৰ্শন কৰি অঞ্চলটোৰ সংৰক্ষণৰ বিষয়ে বন-বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়।

November 8, 2025 8:27 PM

views 31

গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ অভিযান

গোৱালপাৰা জিলাৰ দহিকটা সংৰক্ষিত বনাঞ্চলত কাইলৈৰ পৰা দুদিনীয়াকৈ উচ্ছেদ চলোৱা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কাইলৈ আৰু পৰহিলৈ উচ্ছেদ চলোৱা হ'ব বুলি কৰা ঘোষণাৰ পাছতে দখলকাৰীসকলে স্বেচ্চাই সেই ঠাই ত্যাগ কৰিছে। উচ্ছেদৰ বাবে গোৱালপাৰা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠা বুলি আমাৰ গোৱালপাৰা সংবাদদাতাই প্ৰকাশ কৰিছে। ইয়াৰ জৰিয়তে দহিকটা সংৰক্ষিত বনাঞ্চলৰ এহেজাৰ ১৪০ বিঘা ভূমি দখলমুক্ত কৰা হ'ব। জিলাখনৰ দুবাপাৰা, বেহাৰফুলি, দাৰোগাৰ আলগা কে ধৰি কেইবাটাও অঞ্চলত বসবাস কৰা বহু লোক জ...

September 1, 2025 11:24 AM

views 21

বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব: মুখ্যমন্ত্ৰী

● ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰি বঁটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। বৰাক উপত্যকাৰ হিন্দু-বঙালী সম্প্ৰদায়ৰ সম্পূৰ্ণ সুৰক্ষা তথা সামগ্ৰীক বিকাশৰ দিশত ৰাজ্য চৰকাৰে কাম কৰি যাব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। তেওঁ শিলচৰৰ কেপিটেল পইণ্টৰ পৰা ৰংগীৰখাৰিলৈ ৭০০ কোটি টকা ব্যয় সাপেক...