November 13, 2024 8:05 PM

views 21

ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ সামৰণি

বঙাইগাঁও, চামগুৰি, বিহালী, চিদলী আৰু ধলাই বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে কেতবোৰ ভোটগ্রহণ কেন্দ্ৰৰ চৌহদৰ ভিতৰত ৫ বজাৰ আগেয়ে প্ৰৱেশ কৰা ভোটদাতা ৰাইজৰ সুবিধাৰ বাবে কিছু দেৰিলৈকে ভোটগ্রহণ চলি আছে। চামগুৰি আৰু বিহালী সমষ্টিৰ কেতবোৰ অঞ্চলত দুষ্কৃতিকাৰীৰ দ্বাৰা আক্ৰমণ-প্রত্যাক্রমণৰ ঘটনা সংঘটিত হয় যদিও এনেধৰণৰ ঘটনাই ভোটগ্রহণত কোনো প্রভাৱ পেলাব নোৱাৰিলে বুলি আমাৰ সংবাদদাতাসকলে জনাইছে। এই ভোটগ্ৰহণৰ চূড়ান্ত হাৰ এতিয়াও জানিব পৰা হোৱা নাই যদিও চামগুৰি সমষ্টিত ...

June 4, 2024 12:21 PM

views 23

অসমৰ বিভিন্ন সমষ্টিত শাসকীয় বিজেপি প্ৰাৰ্থীৰ অগ্ৰগতি লাভ

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পর্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিত নিৰ্বাচনী জিলা বিশেষে তৃতীয় আৰু চতুৰ্থ ৰাউণ্ডৰ ভোটগণনা সমাপ্ত হৈছে। সম্প্রতি বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্রার্থী মাধৱ ৰাজবংশীতকৈ ৭২ হাজাৰ ভোটত আগবাঢ়ি আছে। আমাৰ সংবাদদাতাই দিয়া শেহতীয়া ...

June 4, 2024 11:23 AM

views 25

অসমৰ ১৪টা সমষ্টিত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। ভোটগণনাৰ বাবে ৰাজ্যত স্থাপন কৰা ৫২টা কেন্দ্ৰত ৬৪ জন সাধাৰণ পৰ্যবেক্ষকে ভোটগণনাৰ প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰি আছে। শেহতীয়া তথ্য অনুসৰি দৰং-ওদালগুৰি সমষ্টিৰ বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্ৰায় ১৭ হাজাৰ ভোটত আগবাঢ়ি আছে। বৰপেটা সমষ্টিত এন ডি এৰ ফণীভূষণ চৌধুৰী, কংগ্ৰেছ প্রার্থী দ্বীপ বায়নতকৈ ১২ হাজাৰতকৈ অধিক ভোটত আগবাঢ়ি ...