June 22, 2024 7:13 PM

views 22

ৰাজ্যত কেইটামান বিধানসভা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন

অসমৰ কেইটামান বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নির্বাচনৰ বাবে সমিতি গঠন কৰা হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সমিতিৰ সদস্যসকলৰ নাম প্ৰকাশ কৰিছে। সেই অনুসৰি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাক উপ-নির্বাচন সমিতিৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে। ছিদলি বিধানসভা সমষ্টিৰ বাবে বিধায়ক অজয় ৰায়, বি টি আৰৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম আৰু বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য বিভূতি বৰগয়াৰীক দায়িত্ব দিয়া হৈছে। বঙাইগাঁও বিধানসভা সমষ্টিৰ বাবে ৰাজ্যিক বিজেপিৰ অ'বিচি মৰ্চাৰ অশ্বিনী ৰায়...