October 10, 2026 11:25 AM
29
পশ্চিমবংগ আৰু অসমৰ উপ-নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পার্টিৰ জয়লাভ
পশ্চিমবংগ আৰু অসমৰ উপ-নিৰ্বাচনত শাসকীয় ভাৰতীয় জনতা পার্টিয়ে জয়লাভ কৰাৰ বিপৰীতে তামিলনাডুত বিধানসভাৰ উপ-নির্বাচনত দুখন আসনত শাসকীয় তামিলাগা ভেট্রি কাঝাগামে জয়লাভ কৰিছে। পুডুচেৰীত শাসকীয় অল ইণ্ডিয়া এন. আৰ. কংগ্ৰেছে থাটাঞ্চৱাড়ী বিধানসভাৰ আসনখনত জয়লাভ কৰিছে। কালি অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীৰ ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা ভোটগণনাৰ পিছতে এই ফলাফল পোহৰলৈ আহে। মঙলবাৰে ৬খন আসনৰ উপ-নির্বাচন অনুষ্ঠিত হয়। বিজেপিয়ে পশ্চিমবংগৰ নন্দীগ্রাম আৰু ৰেজিনগৰ ...