March 31, 2025 12:03 PM March 31, 2025 12:03 PM
5
ৰাজ্যত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উলহ-মালহেৰে পৱিত্ৰ ঈদ-উল-ফিটৰ উদযাপন
আজি পৱিত্ৰ ঈদ-উল-ফিটৰ। ৰমজান মাহৰ ৰোজাৰ অন্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ- মালহেৰে ঈদ উদযাপন কৰিছে। সমূহীয়া নামাজৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহসমূহ সজাই তোলা হৈছে। তদুপৰি বাসগৃহসমূহো আটক ধুনীয়াকৈ সজাই তোলাৰ উপৰি অতিথিক আপ্যায়নৰ বাবে ঘৰে ঘৰে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ ফাঁচিবজাৰ, গণেশগুৰি, হাতীগাওঁকে ধৰি বিভিন্ন অঞ্চলৰ বজাৰসমূহত ঈদ সামগ্ৰী ক্ৰয় কৰাৰ বাবে কালি জনসাধাৰণে ভিৰ কৰা পৰিলক্ষিত হয়। ক্ষন্তেক পাছতে বিশ্ব শান্তিৰ কামনাৰে ইছলামধৰ্মী ল...