October 15, 2024 7:01 PM

views 23

উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোর্ডে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২ টাকৈ বিষয়ৰ প্ৰশ্ন কাকতৰ পদ্ধতি নতুন হ'ব। বিদ্যালয় শিক্ষা বোর্ডে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি ১২টাকৈ বিষয়ৰ থিঅৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্ৰশ্ন হ'ব বহু বিকল্পধর্মী অর্থাৎ এম চি কিউভিত্তিক। এই বহু বিকল্পধৰ্মী প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব এক নম্বৰকৈ । আনহাতে ব...