January 16, 2025 8:02 PM

views 39

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ২০২৪-২৫ বৰ্ষৰ বাবে কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৪-২৫ বৰ্ষৰ বাবে কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ পুনৰ অনলাইন পঞ্জীয়ন প'ৰ্টেল মুকলি কৰিব। এই সন্দৰ্ভত বিস্তৃত তথ্যৰ বাবে পৰিষদে সংশ্লিষ্ট সকলো পক্ষকে পৰিষদৰ ৱেবছাইট চাবলৈ আহ্বান জনাইছে। নিৰ্দেশনাটোত পৰিষদে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী পৰ্যায়ত পঞ্জীয়নৰ বাবে কোনো ধৰণৰ সময় বৃদ্ধি কৰা নহয়। অফলাইনৰ জৰিয়তেও কোনো ধৰণৰ পঞ্জীয়ন পত্ৰ গ্ৰহণ কৰা নহয় বুলি পৰিষদে জানিবলৈ দিছে।