March 20, 2025 11:17 AM

views 21

২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব

● ২০২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফল অহা ২৭ মাৰ্চত ঘোষণা কৰা হ'ব। সেইদিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই ফলাফলসমূহ ঘোষণা কৰা হ'ব। এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ গুণোৎসৱত এ-প্লাছ পোৱা ৰাজ্যৰ ১১,৫৯৪ খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে পুৰস্কৃত কৰা হ'ব। সমগ্র শিক্ষা অসমে এখন জাননীৰ জৰিয়তে এইকথা প্ৰকাশ কৰিছে।

March 13, 2025 11:13 AM

views 21

১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি বুধবাৰে বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

■ কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে ৰাজ্য চৰকাৰে ২০১৭ চনত নিযুক্তি দিয়া ৪৫১ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ মাজত ১৪৭ গৰাকী প্ৰবক্তাৰ নিযুক্তি বাতিলক কেন্দ্ৰ কৰি কালি বিধানসভাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এই প্রবক্তাসকলক সম্পূর্ণ যোগ্যতাৰ ভিত্তিত বিভিন্ন কাৰিকৰী প্ৰতিষ্ঠানত অংশকালীন হিচাপে নিযুক্তি দিয়া হৈছিল যদিও তেওঁলোকক পর্যায়ক্রমে বৰ্খাস্ত কৰি ৰাজ্য চৰকাৰে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বিষয়টোৰ বিৰোধী দলে তীব্ৰ প্ৰতিবাদ কৰে। কালি সদনৰ দিনটোৰ কাম-কাজৰ অন্ত পৰাৰ কিছুসময়ৰ পূৰ্বে সংসদীয় ...

March 13, 2025 11:00 AM

views 27

ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব

● ৰাজ্য চৰকাৰে ৰঙালী বিহুৰ পূৰ্বে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব। শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিৰ উপস্থিতিত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিষয়ববীয়াসকলৰ সৈতে জনতা ভৱনত কালি এখন বৈঠকত মিলিত হৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা বৃত্তি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ উপৰি পঞ্চম শ্ৰেণীলৈ সকলো শিক্ষার্থীকে অভ্যাসন বহী যোগানৰ নিশ্চয়তা প্ৰদান কৰে। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্তি লাভ কৰা ...

February 23, 2025 8:18 PM

views 23

এন আই এল পিৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে শিক্ষা বিভাগৰ ১০৩৭ কোটি টকা ধাৰ্য

ৰাজ্যখনৰ শিক্ষা বিভাগে চিনাক্ত কৰা ১৫ বছৰৰ ঊৰ্ধৰ ৭ লাখ ১২ হাজাৰ নিৰক্ষৰ লোকক সাক্ষৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন ভাৰত সাক্ষৰতা কাৰ্যসূচী, এন আই এল পিৰ অধীনত অভিযান চলি আছে। এই কাৰ্যসূচীৰ অধীনত ২০২২ বৰ্ষৰ পৰা ২০২৭ বৰ্ষলৈ ১৫ বছৰৰ ঊৰ্ধৰ দেশৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে ১০৩৭ কোটি টকা ধাৰ্য কৰা হৈছে। অসমত এই কাৰ্যসূচীৰ অধীনত ২০ কোটি টকা প্রথম পৰ্যায়ত মোকলাই দিয়া হৈছে। এইপর্যন্ত চৰকাৰৰ এই প্ৰয়াসৰ ফলস্বৰূপে ৰাজ্যখনত ১২,৯২৯ গৰাকী নিৰক্ষৰ লোকে শিক্ষা লাভ কৰিছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে।...

February 20, 2025 7:16 PM

views 37

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবঃ শিক্ষামন্ত্রী

ৰাজ্য চৰকাৰে ২০২৫-২৬ বৰ্ষত ২৫০ খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি বিধানসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে উচ্চ প্রাথমিক বিদ্যালয়সমূহকো এই শৈক্ষিক বর্ষতে উচ্চ মাধ্যমিক পর্যায়লৈ উন্নীত কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ বাবে প্ৰায় ২ হাজাৰ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে। ডাঃ পেগুৱে চৰ অঞ্চল হিচাপে কোনো অঞ্চল নাই বুলি উল্লেখ কৰি কয়, যে খহনীয়া নোহোৱা স্থায়ী নৈপৰীয়া অঞ্চলসমূহত বিদ্যালয়-মহাবিদ্যা...

December 19, 2024 7:59 PM

views 20

বিদ্যালয় চলি থকাৰ সময়ত শিক্ষকসকলক ব্যক্তিগত কামৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ শিক্ষা বিভাগৰ

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিদ্যালয় চলি থকাৰ সময়ছোৱাত শিক্ষকসকলক ব্যক্তিগত কামত সচিবালয়, সঞ্চালকালয়, জিলা কার্যালয়, খণ্ড কাৰ্যালয় আদিলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ সকলো শিক্ষককে নিৰ্দেশ জাৰি কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ স্বাক্ষৰিত এই নির্দেশটোত বিদ্যালয়ৰ সময়ৰ পাছতহে শিক্ষকসকলে ব্যক্তিগত কামত এই স্থানবোৰলৈ যাব পাৰিব বুলি উল্লেখ কৰা হৈছে। বিদ্যালয়খন নিয়মীয়াকৈ চলি থকাৰ লগতে শৈক্ষিক নিয়মানুৱৰ্তিতা বজাই ৰখাৰ স্বাৰ্থত সকলোকে এই নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয...

December 13, 2024 6:24 PM

views 24

প্ৰথমবাৰৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি

ৰাজ্যৰ শিক্ষা বিভাগে প্ৰথমবাৰৰ বাবে বিশেষভাৱে গণিতৰ শিক্ষকৰ পদ সৃষ্টি কৰিছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, আগতে ৰাজ্যৰ বিদ্যালয়সমূহত বিজ্ঞান বিষয়ৰ শিক্ষক নিয়োগ কৰা হৈছিল আৰু তেওঁলোককে গণিতৰ শিক্ষা প্ৰদানৰো দায়িত্ব দিয়া হৈছে। এইবাৰ প্ৰথমবাৰৰ বাবে চৰকাৰে এহেজাৰ ৭৬০ টা গণিত শিক্ষকৰ পদ সৃষ্টি কৰাৰ সিদ্ধান্ত লৈছে। প্ৰতিখন মাধ্যমিক বিদ্যালয়ত একোজন গণিতৰ শিক্ষক আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি পৰ্যায়ক্রমে এই পদৰ সংখ্যা বৃদ্ধি কৰা হ'ব।

December 5, 2024 8:53 PM

views 42

স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আজি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰ ডাউনল'ড কৰিব পাৰিব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ দিনা প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কার্ড, গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৮,২৩০টা স্নাতক ...

September 8, 2024 7:05 PM

views 22

ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন

ৰাজ্য চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ একত্রিত কৰি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ গঠন কৰিছে। এই পৰিষদৰ অধ্যক্ষ হিচাপে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰ চি জৈনক মনোনীত কৰা হৈছে। আনহাতে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৰ্তমানৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাক উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

August 18, 2024 11:07 AM

views 24

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ

ৰাজ্যৰ ১৯ খন জিলাৰ ১৬১ খন প্রাথমিক বিদ্যালয় একত্ৰিকৰণ কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে ২০২৩ বৰ্ষত ৰাজ্যৰ ৮,০৬৬ খন প্রাথমিক বিদ্যালয় আন বিদ্যালয়ৰ লগত চামিল কৰা হৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত প্ৰাথমিক বিদ্যালয়ৰ একত্ৰিকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। এইবাৰ মাজুলী জিলাৰ ৩১ খন প্রাথমিক বিদ্যালয় আন বিদ্যালয়ৰ লগত চামিল কৰা হয়। ইয়াৰ উপৰি কৰিমগঞ্জ আৰু লখিমপুৰত ১৯ খনকৈ, বঙাইগাঁৱত ১৪ খন, হাইলাকান্দিত ১০ খন, কাছাৰত ৯ খন, শিৱসাগৰত ৮ খন, নগাঁৱত আৰু যোৰহাটত ৭ খনকৈ, বৰপেটা ...