June 28, 2026 10:36 AM

views 2

বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্য

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্রকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফর্ম সম্পর্কীয় বিতর্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে নির্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ ১০০ শতাংশ পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফর্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে নির্দেশনাত স্পষ্টভাবে উল্লে...

June 12, 2026 11:31 AM

views 18

৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ শিক্ষা বিভাগ

শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্রাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱ...

January 3, 2026 6:39 PM

views 60

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে

অসম চৰকাৰে শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাৰ ৯১খন নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক একত্ৰিকৰণৰ নিৰ্দেশ দিছে। অতিৰিক্ত বিত্তীয় বুজা নোহোৱাকৈ প্ৰয়োজনীয় ব্যৱস্থাৰ যুক্তিসংগত ব্যৱহাৰেৰে প্ৰাথমিক শিক্ষাক উন্নতমানৰ কৰাৰ লক্ষ্যৰে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি কামৰূপ জিলাৰ ১০খন, লখিমপুৰৰ ১০খন, শিৱসাগৰৰ ১০খন, বৰপেটাৰ ৬খন, মাজুলিৰ ৭খন, কাছাৰৰ ৫খন, হাইলাকান্দিৰ ৫খন, শ্রীভূমিৰ ৪খন, ডিব্ৰুগড়, গোৱালপাৰা, গোলঘাট, হোজাই...

November 27, 2025 1:08 PM

views 66

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি

● উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সূচী ঘোষণা হোৱাৰ পাছতে পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়াৰ সময়সীমা বৃদ্ধি কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় পৰিষদে কালিৰে পৰা ৪ ডিচেম্বৰলৈ অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়াৰ পুনৰ মুকলি ৰখাৰ কথা ঘোষণা কৰিছে। একাংশ শিক্ষানুষ্ঠানৰ অনুৰোধমৰ্মে অসম ৰাজ্যিক বিদ্যালয় পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত পৰিষদে ঘোষণা কৰা অনুসৰি বৰ্ধিত সময়ছোৱাত প্ৰ-পত্ৰ পূৰণ কৰা ছাত্ৰ-ছাত্ৰীসকল দৰিদ্ৰ সীমাৰেখাৰ ওপৰৰ হিচাপে গণ্য কৰা হ'ব। ৪ ডিচেম্বৰৰ পূৰ্বে ৰাজ্যক সকল...

September 11, 2025 12:46 PM

views 59

নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা প্ৰকাশ

● অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা কালি নিশা প্ৰকাশ কৰে। সঞ্চালকালয়ে dee.assam.gov.in ৱেবছাইটৰ জৰিয়তে এই তালিকা প্রকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি যাৱতীয় প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত বাছনি লাভ কৰা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মৰ্মে ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে এই প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত পূর্বে উচ্চ ন্যায়ালয়...

August 3, 2025 11:32 AM

views 42

নৱম আৰু দশম শ্ৰেণীৰ প্রথম গোট পৰীক্ষাৰ নম্বৰ মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ

● ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইয়াৰ অধীনৰ সকলো বিদ্যালয়ক নৱম আৰু দশম শ্ৰেণীৰ হৈ যোৱা প্রথম গোট পৰীক্ষাৰ নম্বৰ অহা ১০ আগষ্টৰ ভিতৰত মাৰ্কছ এন্ট্রি প’ৰ্টেলত আপলোড কৰিবলৈ নিৰ্দেশ দিছে। পৰিষদৰ সচিবে কালি এই বিষয়ে জাননী জাৰি কৰে। জাননীখনত প'ৰ্টেলত প্ৰথম গোটৰ পৰীক্ষাৰ নম্বৰ নথকা দশম শ্ৰেণীৰ শিক্ষাৰ্থীক ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰ্ণত অনুমতি দিয়া নহ’ব বুলি সকীয়াই দিয়া হৈছে। ইয়াৰ উপৰি ইতিমধ্যে প'ৰ্টেলত আপলোড কৰা ২০২৪-২৫ বৰ্ষৰ নৱম শ্ৰেণীৰ ছমহীয়া আৰু বছৰীয়া পৰীক্ষাৰ ...

July 18, 2025 10:26 AM

views 46

উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি

■ ৰাজ্য চৰকাৰে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি উচ্চতৰ কাৰিকৰী শিক্ষা বিভাগত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ ভিতৰত কাৰিকৰী প্ৰতিষ্ঠানৰ প্ৰৱৰ্ত্তা পদত ২৩৬ গৰাকী, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্রশিক্ষক পদত ৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। ইয়াৰ লগে লগে ৰাজ্যত সৰ্বমুঠ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীৰ সংখ্যা ১ লাখ ২১ হাজাৰ ১৮২ লৈ বৃদ্ধি পাব। ইপিনে, ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্...

June 30, 2025 8:26 PM

views 59

অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ গভীৰ উদ্বেগ প্রকাশ

ৰাজ্যৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰে গভীৰ উদ্বেগ প্রকাশ কৰিছে। বিদ্যালয় শিক্ষা বিভাগে ইয়াৰ কাৰণসমূহৰ বিস্তৃত অধ্যয়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছে। বিদ্যালয় শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কৃষ্ণা বৰুৱাৰ অধ্যক্ষতাত সমগ্ৰ শিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়া, প্রাথমিক শিক্ষা সঞ্চাকালয়ৰ উপ-সঞ্চালক, ইউনিচেফ আৰু কেন্দ্ৰীয় স্কোৱাৰ ফাউণ্ডেচনৰ মুৰববীক লৈ এই সমিতিখন গঠন কৰা হৈছে। সমিতিখনে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় এৰাৰ ক...

May 12, 2025 6:53 PM

views 51

সমৰ্থ প’ৰ্টেলৰ জৰিয়তে ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ

সমৰ্থ প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে আজিৰে পৰা চলিত ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যৰ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত আজিৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ২৯ মে'ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ২ জুনত প্ৰথম মেধা তালিকা প্রকাশ পাব। ৪...

May 11, 2025 7:53 PM

views 56

সমৰ্থ প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে সোমবাৰৰ পৰা ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নাম পঞ্জীয়ন কৰিব পাৰিব

সমৰ্থ প'ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে কাইলৈৰ পৰা চলিত ২০২৫-২৬ বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অর্থাৎ ন’ন চি ইউ ই টিৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা ২২ মে’লৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ২৯ মে'ৰ পৰা ১ জুনৰ ভিতৰত প্ৰথমখন মেধা তালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে ২ জুনত প্ৰথম মেধা তালিকা ...