April 28, 2025 8:32 PM April 28, 2025 8:32 PM
27
ৰাজ্যৰ সত্ৰ-নামঘৰত মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭সংখ্যক তিৰোভাৱ তিথি পালন
মহাপুৰুষ দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰত ধর্মীয় অনুষ্ঠান অনুষ্ঠিত হৈছে। একাগ্র ভক্তিবাদ বৈদিক তত্ত্ব সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনাৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোম-যজ্ঞ, নাম- প্ৰসংগকে ধৰি বিভিন্ন আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপু...