June 21, 2024 8:41 PM

views 22

অসম আৰু চৌপাশৰ এলেকাত ঘূর্ণী বতাহ হোৱাৰ সম্ভাৱনা বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম আৰু চৌপাশৰ এলেকাসমূহত ঘূর্ণী বতাহ সৃষ্টি কৰিব পৰা পৰিসঞ্চৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ প্ৰভাৱত পৰৱৰ্তী ৫ দিনলৈ অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু পশ্চিমবঙ্গৰ হিমালয়ৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত কেৰালাৰ উপকূলভাগ, কৰ্ণাটকৰ দক্ষিণ প্ৰান্তৰ দুৰ্গম এলেকা আৰু কংকণ গোৱাতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে।