October 12, 2025 7:44 PM October 12, 2025 7:44 PM
16
ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়াটত থকা ছিংগাপুৰৰ কেইবাগৰাকীও প্রবাসী অসমীয়াই সোনকালেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি এছ আই টিৰ চমনৰ পাছতে কেইবাগৰাকীও প্রবাসী অসমীয়াই ইতিবাচক সঁহাৰি জনাইছে। ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো গুৰুত্ব সহকাৰে লৈ তদন্ত চলাই আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰসন্থাই ৰাজ্যজুৰি অহা ১৪, ১৯ আৰু ২৩ অক্টোবৰত বিশেষ কাৰ্যসূচীৰ আহ্...