June 22, 2025 11:44 AM

views 11

ৰাজ্যত প্রসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ ফলস্বৰূপে ৰাজ্যত প্রসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে চাহ বাগিচাসমূহৰ লাখ লাখ মহিলাৰ বাবে আর্থিক সাহায্য, চিকিৎসালয়, চিকিৎসক, এম্বুলেঞ্চৰ সেৱা আগবঢ়োৱাৰ জৰিয়তে স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা আৰু সজাগতা বৃদ্ধি হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষত চাহ বাগিচাৰ চিকিৎসালয়ত ৬৪৯ খন ৰোগী পৰিবহণ বাহন প্ৰদান কৰা হ...