December 14, 2025 7:40 PM
11
ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক ফলপ্রসূ হৈ উঠা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ সামাজিক মাধ্যমত প্রকাশ
ৰাজ্যত নিৰাপত্তা ব্যৱস্থা অধিক ফলপ্রসূ হৈ উঠা বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যম যোগে প্রকাশ কৰিছে। মৌখিক কথা বতৰাতকৈ কাম-কাজৰ মূল্য বেছি বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যত পূৰ্বতে উচ্চ অপৰাধৰ হাৰ থকাৰ বিপৰীতে অভিযোগনামাৰ হাৰ আছিল দুৰ্বল। সম্প্রতি ৰাজ্যত অপৰাধৰ হাৰ নিম্ন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপৰ জৰিয়তে অনাগত ভৱিষ্যতত সম্পূৰ্ণ সুস্থিৰ ৰাজ্য নিৰ্মাণ কৰিবলৈ চৰকাৰে সম্ভাব্য সকলো প্রচেষ্টা অব্যাহত ৰাখিব।