December 2, 2025 9:49 PM

views 12

চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত জিলাসমূহৰ আয়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূর্ণ বৈঠক

চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদান সন্দৰ্ভত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। জনগোষ্ঠীটোৰ লোকসকলক কি পদ্ধতিৰে ভূমি হস্তান্তৰ কৰা হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট জিলাসমূহৰ আয়ুক্তসকলক নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাৰ উপৰি ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলেও অংশ লৈছে।

August 31, 2025 11:39 AM

views 22

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল'বলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহৰ বিষয়ে পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে মুখ্য সচিব ড০ ৰবি কোটাক প্রকল্পসমূহ নিয়মিতৰূপত পৰ্যৱেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে লোকনির্মাণ বিভাগৰ ঠিকাদাৰসকলৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হৈ ৰাজ্যজুৰি চলি থকা আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে ক্রীড়া, যুৱ কল্যাণ, লোকনিৰ্মাণ বিভাগ আৰু বিত...

June 4, 2025 8:03 PM

views 29

ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত কৰ্ণধাৰ সমিতিৰ প্ৰথম বৈঠক

ড০ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবার্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ ভূপেন হাজৰিকাৰ জীৱন-ভিত্তিক এখন গ্রন্থ প্রকাশ কৰা হব। অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্রন্থখন ২৩টা ভাষালৈ অনুবাদ কৰা হব। ৰাজ্যৰ ১০ লাখ পৰিয়াললৈ এই গ্রন্থখন প্ৰেৰণ কৰা হব। ইয়াৰ লগতে দে...

March 28, 2025 6:27 PM

views 20

৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৫৪ সংখ্যক উত্তৰ-পূব আৰক্ষী একাডেমীৰ উপ আৰক্ষী অধীক্ষক প্ৰশিক্ষাৰ্থীৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি উত্তৰ-পূব খণ্ডত বৰ্তমানৰ দৰেই অনাগত দিনত শান্তিৰ পৰিৱেশ বাহাল থকাটো সুনিশ্চিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা দোহাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয়, যে ১৯ গৰাকী মহিলা বিষয়াকে ধৰি প্ৰশিক্ষণ সমাপ্ত কৰা অসমৰ মুঠ ৬২ গৰাকী বিষয়াৰে ৰাজ্যৰ জিলা আৰু সমজিলা পৰ্যায়ত নিৰাপত্তাৰ দিশটো উন্নত কৰাৰ উপৰি জনঅনুকূল আৰক্ষী ব্যৱস্থা গঢ়ি তুলিব পৰা যাব।...

December 25, 2024 11:53 AM

views 18

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পথ সুৰক্ষা সম্পৰ্কীয় পর্যালোচনা বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত পথ সুৰক্ষা সম্পৰ্কীয় এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ৰাজ্যখনত সংঘটিত পথ দুর্ঘটনা, পথ সুৰক্ষা আইন বলৱৎ, পৰিবহণ আৰু আৰক্ষী বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত লোৱা ব্যৱস্থা আদি বিষয়ত পর্যালোচনা কৰা হয়। দুৰ্ঘটনা বোধ কৰাৰ বাবে নিশা ১০ বজাৰ পাছত সুৰাপান কৰি গাড়ী চলাব নোৱাৰাকৈ অহা ১৫ জানুৱাৰীলৈকে সমগ্ৰ ৰাজ্যতে কঠোৰ পদক্ষেপ ল'বলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ প্রদান কৰে। একেদৰে ৰাজ্যৰ গ্রামাঞ্চলসমূহ...