May 14, 2025 8:32 PM

views 25

ৰাজ্যৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ’ব : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যখনৰ জনজাতীয় ভূমি কোনো কাৰণতে দখল কৰিবলৈ দিয়া নহ'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আজি মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ কচুতলীৰ উচ্ছেদিত অঞ্চলত প্ৰস্তাৱিত দশম অসম আৰক্ষী বেটেলিয়নৰ আধুনিক প্ৰশিক্ষণৰ সুবিধাসম্পন্ন চৌহদৰ বাবে আৱণ্টিত ভূমি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে কচুতলীত উচ্ছেদ চলাই এহেজাৰ বিঘা ভূমি মুক্ত কৰিছিল। প্ৰায় ১০০ বিঘা ভূমি সামৰি এই উচ্ছেদিত অঞ্চলটোত আৰক্ষী বেটেলিয়নৰ প্ৰশিক্ষণৰ কাৰ্যালয়টো নিৰ্মাণ কৰা হ'ব। অহা ছমাহৰ ভ...