October 16, 2025 8:29 PM

views 18

খানাপাৰাত ঝুমইৰ বিনন্দিনীৰ শিল্পী, প্ৰশিক্ষক, বিশেষজ্ঞ সমিতিৰ সদস্যক প্ৰশংসা-পত্র আৰু মাননি প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত ঝুমইৰ বিনন্দিনীত অংশগ্ৰহণকাৰী শিল্পী, প্ৰশিক্ষক আৰু বিশেষজ্ঞ সমিতিৰ সদস্যসকলক প্ৰশংসা-পত্র আৰু মাননী প্ৰদান কৰে। এই শিল্পীসকলে যোৱা ২৪ ফেব্ৰুৱাৰীত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ঝুমইৰ বিনন্দিনীত অংশ লৈছিল। আজিৰ অনুষ্ঠানত ২৪ খন জিলাৰ বিশেষজ্ঞ সমিতিৰ সদস্যসকলক ৫০ হাজাৰ টকাকৈ আৰু প্ৰশিক্ষক তথা শিল্পীসকলক ২৫ হাজাৰ টকাকৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে ধনৰাশি প্ৰদান কৰা হয়। বৰাক ...