April 20, 2025 10:28 AM

views 10

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্রণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে শ্রীমোদীক অসম জৈৱ ইথানল প্ৰকল্পৰ উদ্বোধন আৰু ৫৭০০ কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্রকল্প তথা দৰং চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপনৰ বাবেও প্রধানমন্ত্রীক অনুৰোধ জনায়। উল্লেখযোগ্য যে অসম জৈৱ ইথানল প্রকল্পত ৩০০ কে টি পি এ বাঁহক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি ৪৯ কে...