December 27, 2025 12:39 PM December 27, 2025 12:39 PM
6
পশ্চিম কাৰ্বি আংলঙত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ সিদ্ধান্ত
পশ্চিম কাৰ্বি আংলঙৰ শেহতীয়া বিক্ষিপ্ত ঘটনাত আৰক্ষীৰ গুলীত মৃত্যু হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। ইয়াৰ লগতে ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও প্ৰকাশ কৰা হৈছে। কালি সন্ধিয়া দিছপুৰত কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে খেৰণিৰ উচ্ছেদ সন্দৰ্ভত ৰুজু হোৱা গোচৰ ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ বাবে চৰকাৰে উ...