April 14, 2025 10:40 AM

views 22

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রীৰে ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থিত থাকিব। দুধনৈত কালি পৰিষদৰ নৱ নিৰ্বাচিত ৩৬ গৰাকী পাৰিষদৰ শপত গ্রহণ অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই কথা প্রকাশ কৰে। মুখ্যন্ত্ৰীয়ে কালিৰ অনুষ্ঠানত ৰাভা বীৰ দদানক শ্রদ্ধাৰে স্মৰণ কৰি বী...