July 28, 2024 11:13 AM July 28, 2024 11:13 AM
4
নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অনুষ্ঠিত নিটি আয়োগৰ নৱম পৰিচালন পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যত অৰিহনা যুগোৱা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰে। সামাজিক মাধ্যমযোগে শ্রীশর্মাই অসম দ্রুতগতিত বিকশিত হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে। ২০২০ চনৰ পৰা ৰাজ্যৰ মূলধনী ব্যয় ৫৯ শতাংশ সম্প্ৰসাৰণৰ লগতে ৰাস্তা, পানীযোগান, স্বাস্থ্য আৰু শিক্ষাৰ আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধি পাইছে বুলি তেওঁ উল্ল...